• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৰি নিদিব বিজেপিৰ ‘চক্ৰান্ত’ত, বাঙালী সংগঠনক আহ্বান চি পি আই-এমৰ

শিলাদিত্য দেবৰ ধাৰাৱাহিক “বিতৰ্কিত” মন্তব্যৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে বিজেপিৰ “অভিসন্ধি” থকাটো প্ৰমাণ কৰিছে: সুপ্ৰকাশ তালুকদাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2018 6:01 pm
cpi-m-assam

প্ৰতিনিধিত্ব্মূলক ছবি। ফে’চবুকৰ পৰা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰিবলৈ গৈ বিজেপিৰ “চক্ৰান্ত”ত ভৰি দি অসমীয়া আৰু বাংলাভাষীৰ মাজত বিদ্বেষ সৃষ্টি নকৰিবলৈ ৰাজ্যৰ বাঙালী সংগঠনসমূহক আহ্বান জনাইছে চি পি আই (এম)এ।

ভোটৰ স্বাৰ্থত বিধেয়কৰ সমৰ্থনত বাংলাভাষী হিন্দুসকলক “সমবেত আৰু উত্তেজিত” কৰাৰ বাবে শাসনাধিষ্ঠ দলটোৱে পৰিকল্পনা কৰিছে বুলি অভিযোগ কৰিছে বাওঁপন্থী ৰাজনৈতিক দলটোৱে।

Apply Now

“আগন্তুক নিৰ্বাচনত ভোটৰ স্বাৰ্থতেই নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত বাংলাভাষী হিন্দু লোকক সমবেত আৰু উত্তেজিত কৰাৰ বাবে বিজেপিয়ে পৰিকল্পনা লৈ আছে,’’ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেলযোগে এই মন্তব্য দলটোৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দেবেন ভট্টাচাৰ্য্যৰ।

বিজেপিৰ একাংশ নেতা বিশেষকৈ শিলাদিত্য দেবৰ ধাৰাৱাহিক “বিতৰ্কিত” মন্তব্যৰ পিছতো দল বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে দলটোৰ “অভিসন্ধি” থকাটো প্ৰমাণ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰিছে চি পি আই (এম)ৰ নেতা সুপ্ৰকাশ তালুকদাৰে।

বাওঁপন্থী নেতা তালুকদাৰে লগতে কয় যে শিলাদিত্য দেবক চৰকাৰে নিয়ন্ত্ৰণ নকৰাৰ প্ৰতিক্ৰিয়াৰূপেই আলফা নেতা মৃণাল হাজৰিকাই “আপত্তিজনক” মন্তব্য কৰিব পাৰিছে। “শিলাদিত্য দেবক নিয়ন্ত্ৰণ নকৰাৰ বাবেই আলফা নেতা মৃণাল হাজৰিকায়ো আপত্তিজনক মন্তব্য কৰিব পাৰিছে– যাৰ দ্বাৰা এক অশান্তিৰ পৰিৱেশৰ সূচনা হ’ব পাৰে,” মন্তব্য তালুকদাৰৰ।

লগতে পঢ়ক– নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী বাঙালীসকলক চৰম সকীয়নি আলফা নেতা মৃণাল হাজৰিকাৰ

ধৰ্মৰ লগতে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজনৰ বাবেও বিজেপি “সক্ৰিয় হৈ পৰিছে” বুলি মন্তব্য কৰি বাওঁপন্থী দলটোৱে “উগ্ৰ জাতীয়তাবাদ”ৰ পৰিৱৰ্তে সকলো জাতি-জনগোষ্ঠীৰ “ঐক্যবদ্ধ” প্ৰতিবাদৰ পোষকতা কৰিছে।

“উগ্ৰ জাতীয়তাবাদ নহয়, অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰতিবাদহে বিজেপি চৰকাৰৰ অসম বিৰোধী কৰ্মকাণ্ডৰ উচিত প্ৰত্যুত্তৰ হ’ব পাৰে,” এই মন্তব্য দেবেন ভট্টাচাৰ্য্যৰ।

বিধেয়কখনৰ বিৰুদ্ধে নতুন দিল্লীত গৈ প্ৰতিবাদ জনাব বাওঁপন্থী দলসমূহৰ লগতে আন কেইবাটাও দলৰ ঐক্যমঞ্চ বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে।

“ডিচেম্বৰত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম ভাগতেই নগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দিল্লীলৈ গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিম,” ঘোষণা বাওঁপন্থী নেতা তালুকদাৰৰ।

আনহাতে বিজেপি উত্থাপিত এই বিধেয়ক ভাৰতৰ সংবিধানৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰিছে দলটোৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মনে। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকা সূত্ৰে বিধেয়কখন গৃহীত কৰিব নোৱাৰাৰ বাবে অধ্যাদেশ জাৰি কৰি হ’লেও ইয়াক আইনত পৰিণত কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলিও বৰ্মনে মন্তব্য কৰে।

‘‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বিজেপিয়ে দেশৰ সংবিধানক আক্ৰমণ কৰাৰ লগতে শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। ৰাজ্যসভাত গৃহীত নহ’ব বুলি জানি বিজেপিয়ে এতিয়া অধ্যাদেশ জাৰি কৰি হ’লেও বিধেয়কখন আইনত পৰিণত কৰাব বিচাৰিছে,” বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে “প্ৰত্যাহ্বান” অহাতো নিশ্চিত বুলি উল্লেখ কৰি এই মন্তব্য প্ৰাক্তন সাংসদজনৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd