শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত অৱস্থিত জৰাজীৰ্ণ বৰপাত্ৰ আলি (টাইমুৱা আলি) নিৰ্মাণৰ দাবীত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নিমাইজান আৰু দৰিকাপাৰ আঞ্চলিকৰ লগতে বীৰাংগনা সমিতিয়ে সদাব্যস্ত নগৰৰ বি জি ৰোড অৱৰোধ কৰে।
আটাছু আৰু বীৰাংগনা সমিতিৰ শতাধিক নেতা কৰ্মীয়ে এই পথ অৱৰোধ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।
উল্লেখ্য যে, শিৱসাগৰ নগৰৰ পৰা ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই বৰপাত্ৰ আলিটো শিৱসাগৰ নগৰলৈ কেইৱাখনো গাঁৱৰ ৰাইজ অহাযোৱা কৰা এক মাত্ৰ পথ আৰু এই পথটোৰ অৱস্থা অতি জৰাজীৰ্ণ হোৱাৰ বাবে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগি থাকিব লগীয়া হৈছে।
সেয়েহে, এই পথটো অতি সোনকালে নিৰ্মাণ কৰাৰ দাবীত আজি পথ অৱৰোধ কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে আটাছু আৰু বীৰাংগনা সমিতিয়ে।