NORTHEAST NOW (Assamese)

চামগুৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত গৰ্ভৱতী মহিলাসহ আহত তিনিজন

October 23, 2019 8:34 pm · ভাৰ্গব হাজৰিকা

বন্যহস্তীয়ে নহয়, এইবাৰ বনৰীয়া গাহৰিয়েহে অঘটন ঘটালে নগাঁও জিলাৰ চামগুৰিত। চামগুৰিৰ লাওখোৱাৰ অন্তৰ্গত ৬ নং ভগামুখত আজি দিনত এটা বনৰীয়া গাহৰিয়ে প্ৰবেশ কৰি চলাই চূড়ান্ত উপদ্ৰৱ।

বনৰীয়া গাহৰিটোৱে অতৰ্কিতে আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰে গাওঁখনৰ এগৰাকী গৰ্ভৱতী মহিলাসহ ভজু মণ্ডল আৰু চিৰঞ্জীৱ মণ্ডল নামৰ আন দুজনকৈ লোকক।

পৰৱৰ্তী সময়ত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰ জৰিয়তে সংকটজনক অৱস্থাত জখলাবন্ধালৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আহত মিনতি মণ্ডল নামৰ গৰ্ভৱতী মহিলা গৰাকীক।

সমীপৰ লাওখোৱা বন্য প্ৰাণী অভয়াৰণ্যৰ পৰা দুপৰীয়া ভাগত বনৰীয়া গাহৰিটো ওলাই আহিছিল বুলি স্থানীয় ৰাইজে সদৰি কৰিছে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাটোৰ বিষয়ে বন বিভাগক ততাতৈয়াকৈ অৱগত কৰাৰ পিছতো ঘটনাস্থলীত পলমকৈহে বন বিভাগৰ লোক উপস্থিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Related News