পেটৰ সমস্যাৰ বাবে ধন দিবলৈ অস্বীকাৰ বীমা কোম্পানীৰ; কাৰ্যালয়ৰ বাহিৰত বমি কৰি প্ৰতিবাদ মহিলাৰ

Woman starts throwing up outside her insurance office চেণ্ডি হোনিগ পেছাত এগৰাকী কৌতুক অভিনেত্ৰী। নেট মাধ্যমতো বহু জনপ্ৰিয় আমেৰিকাৰ এইগৰাকী অভিনেত্ৰী চেণ্ডি। বহুতে তেওঁ নিৰ্মাণ কৰা ধেমেলীয়া ভিডিঅ’বোৰ পছন্দ কৰে। অৱশ্যে শেহতীয়াকৈ চেণ্ডিৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এইটো দৰাচলতে এটা প্ৰকৃত ঘটনাৰ ভিডিঅ’।

ভিডিঅ’টোত চেণ্ডিক ৰাস্তাত থিয় হৈ বমি কৰা দেখা গৈছে। তেওঁৰ হাতত কেইবাটাও ফাইলো আছে। চেণ্ডিয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’টো দেখি বহুতেই প্ৰথমতে প্ৰকৃত ঘটনাটো বুজি পোৱা নাছিল। চেণ্ডিয়ে পিছত নিজেই সেয়া প্ৰকাশ কৰিছে।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

চেণ্ডিয়ে জানিবলৈ দিয়ে যে তেওঁ দীৰ্ঘদিন ধৰি গেষ্ট্ৰোপোৰেচিছত ভুগি আছিল। কোনো ঔষধে কাম কৰা নাছিল। চিকিৎসকে কৈছিল যে যদি প্ৰতিদিনে এটা বেজী দিব পৰা যায় তেন্তে ৰোগটো নিয়ন্ত্ৰণত ৰখা সম্ভৱ। চেণ্ডিৰ যথেষ্ট পৰিমাণৰ স্বাস্থ্য বীমা আছে। তেওঁ বিচাৰিছিল যে তেওঁৰ চিকিৎসা ব্যয় সেই বীমাৰ পৰা আহক।

সেইদৰে, তেওঁ স্বাস্থ্য বীমা সম্পৰ্কীয় প্ৰয়োজনীয় নথিপত্ৰলৈ লছ এঞ্জেলছৰ বীমা কাৰ্যালয়লৈ গৈছিল। কিন্তু বীমা কাৰ্যালয়ৰ কৰ্মচাৰীসকলে চেণ্ডিৰ দাবী শুনি গুৰুত্ব দিবলৈ অস্বীকাৰ কৰে। অস্ত্ৰোপচাৰ বা যিকোনো ডাঙৰ শাৰীৰিক ৰোগৰ ক্ষেত্ৰতহে বীমাৰ ধন দিয়া হয়।

বীমা কোম্পানীৰ কৰ্মচাৰীসকলে কয় যে পেটৰ বিষ আৰু বমিৰ দৰে সমস্যাৰ বাবে স্বাস্থ্য বীমা ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু চেণ্ডিয়ে দাবী কৰে যে তেওঁলোকে কেৱল এইটোৱে কৈ ক্ষান্ত হোৱা নাছিল। বীমা কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁৰ সকলো ফাইল খিৰিকীৰে দলিয়াই দিছিল।

লগতে পঢ়ক: Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

এই ঘটনাৰ প্ৰতিবাদত চেণ্ডিয়ে কোম্পানীৰ বাহিৰৰ ৰাস্তাত বমি কৰিবলৈ আৰম্ভ কৰে। পিছত পুলিচে আহি চেণ্ডিক চিকিৎসালয়লৈ লৈ যায়। চেণ্ডিৰ অভিনৱ প্ৰতিবাদ বহুতে কেমেৰাত বন্দী ৰাখে। ইপিনে, ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বীমা কোম্পানীটোৱে চেণ্ডিৰ সৈতে যোগাযোগ কৰিছে।