বিধানমণ্ডলৰ কাম বিধি প্ৰণয়ন।বিধানমণ্ডলত কোন থাকে? ৰাইজৰ প্ৰতিনিধি।লোকসভা বা বিধানসভালৈ জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট দি তেওঁলোকক নিৰ্বাচিত কৰে। ৰাজ্যসভা আৰু ৰাজ্যসভাৰ দৰে কোনো কোনো ৰাজ্যত থকা উচ্চ সদনও পৰোক্ষভাৱে জনসাধাৰণৰ বিভিন্ন অংশৰ প্ৰতিনিধিৰে গঠিত।এনেদৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংসদ বা বিধানসভালৈ পঠিওৱা প্ৰতিনিধি সকলে ৰাজ্যৰ বা দেশৰ প্ৰয়োজন অনুসৰি সময়ে সময়ে বিধি প্ৰণয়ন কৰে।
বিধি প্ৰণয়ন কৰাৰ কিছুমান নিৰ্দ্দিষ্ট নিয়ম বা প্ৰক্ৰিয়া আছে।কোনো এটা বিষয়ে আইন এখন প্ৰণয়ন কৰিবলৈ, সংশ্লিষ্ট বিভাগটোৱে তাৰ খচৰা প্ৰস্তুত কৰে।খচৰাটো চৰকাৰৰ আইন বিভাগে পৰীক্ষা কৰি, যোগ বিয়োগ কৰি সন্মতি প্ৰদান কৰাৰ পিছত তাক মন্ত্ৰীসভাত মানে কেবিনেটত উত্থাপন কৰা হয়।কেবিনেটে খচৰাটো পৰীক্ষা কৰি তাত অনুমোদন জনোৱাৰ পিছত তাক সদনত দাখিল কৰা হয়।তেতিয়া বিলখনক কেন্দ্ৰ কৰি আলোচনা/বিতৰ্ক হয়।
কেতিয়াবা বিষয়ৰ জটিলতা বা গভীৰতা বুজি বিলখন বিধানসভা বা সংসদৰ বিশেষ কমিটিলৈও প্ৰেৰণ কৰা হয়। কমিটিয়ে বিলখন পৰীক্ষা কৰি নিজৰ মতামত আৰু পৰামৰ্শ দি চৰকাৰলৈ ওভতাই পঠিয়ায়।তাৰ পিছত বিল একোখন সৰ্বসন্মতভাৱে বা সংখ্যাগৰিষ্ঠ মতদানৰ ভিত্তিত বিধানসভা বা সংসদত গৃহীত হয়। সদনত গৃহীত হোৱাৰ পিছত ৰাজ্যৰ ক্ষেত্ৰত ৰাজ্যপাল আৰু দেশৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত বিলখন আইনত পৰিণত হয়।
কিন্তু, ইমান কেইটা পদ্ধতি আৰু প্ৰক্ৰিয়াৰ মাজেদি পাছ কৰা আইন এখনৰ যুক্তিযুক্ততা বা বৈধতা সম্পৰ্কে যদি কোনো কোনোৱে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ কাষ চাপে, তেতিয়া ভাৰতীয় সংবিধানৰ আদৰ্শ, আৰু বিভিন্ন অনুচ্ছেদৰ আধাৰত বিলখনৰ বৈধতা পৰীক্ষা কৰি তাক ন্যায়ালয়ে বৈধ বা অবৈধ ঘোষণা কৰিব পাৰে।ভাৰতবৰ্ষৰ কাৰণে এইটোৱেই হ’ল আইন প্ৰণয়নৰ ক্ষেত্ৰত বৈধ আৰু প্ৰচলিত সাংবিধানিক নিয়ম।
এই কথাটো সৌ সিদিনা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধানকৰে তীব্ৰভাৱে সমালোচনা কৰিছে।তেওঁৰ যুক্তিঃ সংসদ হৈছে দেশৰ জনসাধাৰণৰ প্ৰতিনিধিৰ সন্মিলন।গতিকে যিকোনো কথাতে জনসাধাৰণৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব লাগে।সংসদে পাছকৰা আইন ন্যায়ালয়ে কেনেকৈ নাকচ কৰিব পাৰে? চাবলৈ গ’লে তেওঁৰ যুক্তিটো ফু মাৰি উৰুৱাই দিবলগীয়া নহয়।হয়, গণতন্ত্ৰত ৰাইজেই ৰজা।ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিতকৈ কোনোৱেই ওপৰত নহয়।কিন্তু, কোনো কথাই পৰিবেশ আৰু প্ৰসংগ অবিহনে শূন্যত আলোচনা কৰিব নোৱাৰি।
আমাৰ মনত আছে, জৰুৰীকালীন অৱস্থাৰ সময়ত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘committed Judiciary’ৰ অৰ্থাৎ দায়বদ্ধ ন্যায়পালিকাৰ কথা কৈছিল।তেতিয়া যি হৈছিল, এতিয়াও আমি আওপকীয়াকৈ, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ পৰা সেই কথাই শুনিছোঁ।ৰিজিজুই উচ্চতম ন্যায়ালয়ে কলেজিয়াম পদ্ধতিৰে ন্যায়াধীশ নিযুক্তি দিয়া পদ্ধতিটো বাৰে বাৰে সমালোচনা কৰি আছে।তেওঁ মাজে মাজে উচ্চতম ন্যায়লয়ক কটাক্ষও কৰিছে।সকলো কথাতে চৰকাৰী পক্ষ লোৱা প্ৰখ্যাত অধিবক্তা হৰিশ চালভেও ৰিজিজুক সমালোচনা কৰি তেওঁ লক্ষ্মণ ৰেখা অতিক্ৰম কৰা বুলি কৈছে।
জৰুৰীকালীন অৱস্থাৰ সময়ত কি হৈছিল? আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰৰ লগত আপোচ কৰিছিল।এই সম্পৰ্কে ফলি এচ নৰিমানৰ আত্মজীৱনী ‘Before Memory Fades’ ৰ ১৬৮ পৃষ্ঠাৰ পৰা ১৭২ পৃষ্ঠালৈ এটি বৰ মৰ্মস্পৰ্শী বৰ্ণনা আছে।সেই সময়ত চৰকাৰৰ ৰোষত পৰা অজস্ৰ লোকৰ বিৰুদ্ধে ইন্দিৰা গান্ধীৰ চৰকাৰে Maintenance of Internal Security Act(MISA) ‘মিছা’ ব্যৱহাৰ কৰিছিল।যিবোৰ লোকক মিছাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল, তেওঁলোক সঁচাকৈয়ে মিছাৰ অধীনত গ্ৰেপ্তাৰ কৰিবলগীয়া ব্যক্তি হয়নে নহয় তাৰ সুবিচাৰ পাবলৈ তেওঁলোকে ন্যায়লয়ৰ ওচৰ চাপিব পাৰিবনে নাই?
এলাহাবাদ, ব’ম্বে, দিল্লী, কৰ্ণাটক, মধ্যপ্ৰদেশ, পঞ্জাব আৰু ৰাজস্থান উচ্চ ন্যায়ালয় আদি কৰি দেশৰ নখন উচ্চ ন্যায়ালয়ে ৰায়দান দি ক’লে যে দেশত ৰাষ্ট্ৰপতিয়ে জাৰি কৰা জৰুৰীকালীন অধ্যাদেশ সত্বেও সংবিধান প্ৰদত্ত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিব পৰা নাযাব।কিন্তু, সেই সেই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে নখন উচ্চ ন্যায়ালয়ে দিয়া ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়লয়ত এটা গোচৰ তৰিলে।তেতিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল এ এন ৰায়।গোচৰটোৰ শুনানিৰ বাবে তেওঁ এখন পাঁচ জনীয়া বিচাৰপীঠ গঠন কৰিলে।পাঁচ জনীয়া বিচাৰপীঠৰ চাৰিজন ন্যায়ধীশে নখন উচ্চ ন্যায়ালয়ৰ ৰায়টো ৰদ কৰি চৰকাৰৰ সপক্ষে ৰায়দান দি ক’লে যে জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ বোলা কোনো বস্তু থাকিব নোৱাৰিব।কিন্তু, পাঁচজন বিচাৰকৰ ভিতৰৰ আন এজন বিচাৰক, এইচ আৰ খান্নাই এই ৰায়টোৰ লগত সহমত নহ’ল।তেওঁ তেতিয়া বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছিল।তেওঁ কৈছিল- Life and liberty are not conferred by any constitution. They inhere in men and women as human beings.
একেবাৰে সঁচা কথা।ক’ৰবাত লিখা থাকিলেহে এই অধিকাৰ আমাৰ প্ৰাপ্য আৰু লিখা নাথাকিলে ই প্ৰাপ্য নহয় সেইটো কেনে কথা? কিন্তু, ন্যায়াধীশ খান্নাই চৰকাৰৰ বিৰুদ্ধে লোৱা এই সাহসী ভূমিকাৰ বাবেই সেই সময়ত তেওঁ আটাইতকৈ জেষ্ঠ ন্যায়াধীশ হোৱা সত্বেও তেওঁক চেৰাই গৈ ন্যায়াধীশ এম এইচ বেগক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হ’ল।আৰু তাৰ পিছতে, নিজৰ সম্ভ্ৰম আৰু আত্মমৰ্যাদা বজাই ৰাখি ন্যায়াধীশ খান্নাই উচ্চতম ন্যায়ালয়ৰ পৰা পদত্যাগ কৰিলে।ইন্দিৰা গান্ধীৰ দিনৰ উচ্চতম ন্যায়ালয়ৰ সেয়া আছিল এক গ্লানি আৰু গৌৰৱৰ ইতিহাস।
প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ বৈধতাকলৈ ১৯৭৫চনত এলাহবাদ উচ্চ ন্যায়ালয়ত ৰাজনাৰায়ণে তেওঁৰ বিৰুদ্ধে এক গোচৰ তৰিছিল।সেই গোচৰত ইন্দিৰা গান্ধী হাৰিছিল।দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগত এই গোচৰটোৰো এটা সম্পৰ্ক আছিল। শ্ৰীমতী গান্ধীয়ে উচ্চতম ন্যায়ালয়ত সেই গোচৰটোক প্ৰত্যাহ্বান জনাইছিল। কিন্তু, কিবা কাৰণে যদি উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে মতদান দিয়ে তেতিয়া কি হ’ব? সেই বাবেই তেওঁৰ অত্যুৎসাহী সমৰ্থক সকলৰ প্ৰৰোচনাত তেওঁ সংবিধানৰ ৩৯তম সংশোধনী আনিছিল।এই সংশোধনীৰ দ্বাৰা প্ৰধান মন্ত্ৰীৰ নিৰ্বাচনক ন্যায়ালয়ৰ বিচাৰৰ বাহিৰত ৰাখিব বিচৰা হৈছিল। অৰ্থাৎ প্ৰধান মন্ত্ৰীৰ নিৰ্বাচনক লৈ কিবা আপত্তি উঠিলে কেৱল সংসদে গ্ৰঠন কৰি দিয়া কমিটি এটাইহে সেই বিষয়টোৰ বিচাৰ কৰিব পাৰিব। তাত ন্যায়ালয়ৰ কোনো হাত নাথাকিব।প্ৰধান মন্ত্ৰীৰ ক্ষেত্ৰত নিৰ্বাচনী নীতি নিয়ম প্ৰজোয্য নহ’ব।প্ৰধান মন্ত্ৰীৰ নিৰ্বাচন বৈধ নে অবৈধ সেই সম্পৰ্কে ন্যায়ালয়ে একো ক’ব নোৱাৰিব।কি অদ্ভূত সাংবিধানিক সংশোধন?
সেই সময়ত সংসদৰ উভয় সদনত শ্ৰীমতী গান্ধীৰ এনে নিৰংকুশ সংখ্যাগৰিষ্ঠতা আছিল যে এই সংশোধনী পাছ কৰাত কোনো অসুবিধাই হোৱা নাছিল।কিন্তু, আমাৰে সৌভাগ্য যে উচ্চতম ন্যায়ালয়ে পোনচাতেই এই সংশোধনী নাকচ কৰে।ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছিল -‘ন্যায়িক পৰ্যালোচনা’(judicial review) আৰু ‘মুক্ত আৰু নিকা নিৰ্বাচন’(free and fare elections) সংবিধানৰ মৌলিক অংশ।এই দুয়োটা সংশোধনৰ উৰ্দ্ধত। হয়, এই বিষয়ে সংবিধান নিমাত।কিন্তু সংবিধানৰ নীৰৱতাৰ পৰাই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তলৈ আহিছে। সময়ৰ প্ৰয়োজনত সংবিধান সংশোধন কৰিব লগা হ’ব পাৰে। সেই ধৰণে সময়ে সময়ে সংবিধান সংশোধন কৰা হৈছেও।কিন্তু,সংবিধান সংশোধন কৰাৰ নামত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিহিত প্ৰমূল্য, উদ্দেশ্য, লক্ষ্য আৰু সংবিধানখনৰ যিবোৰ মৌলিক ধাৰা আছে সেইবোৰ কেতিয়াও সংশোধন কৰিব পৰা নাযাব, অৰ্থাৎ যিবোৰ কথাক বাদ দিলে এই সংবিধানখন সংবিধান হৈ নাথাকিব, সেইবোৰ কেতিয়াও সংশোধন কৰিব পৰা নাযাব।এই কথাটো উচ্চতম ন্যায়ালয়ৰ গোলোকনাথ আৰু কেশৱানন্দ ভাৰতী মোকৰ্দমাত স্পষ্ট ভাষাত কোৱা হৈছিল।
ইয়াকে কোৱা হয় ভাৰতীয় সংবিধানৰ মৌলিক কাঠামো তত্ত্ব(doctrine of basic features)।কিয় ভাৰতীয় সংবিধানৰ মৌলিক কথাবোৰ সলাই দিব নোৱাৰি? এই কাৰণেই নোৱাৰি যে ভাৰতীয় সংবিধানখনৰ লগত ভাৰতৰ স্বাধীনতা সংগ্ৰাম জড়িত হৈ আছে।স্বাধীনতা সংগ্ৰামৰ লক্ষ্য, উদ্দেশ্যৰ লগত সংবিধানখন সাঙোৰ খাই আছে, অৰ্থাৎ আধুনিক ভাৰতৰ লক্ষ্য, উদ্দেশ্যৰ লগত সংবিধানখন সাঙোৰ খাই আছে।যেনদৰে আমেৰিকান বিপ্লৱৰ লগত আমেৰিকাৰ সংবিধানখন সাঙোৰ খাই আছে ১৭৮৯ৰ পৰা এতিয়ালৈ।এই সন্দৰ্ভত বিখ্যাত ন্যায়বিদ দূৰ্গা দাস বসুৱে বৰ ডাঙৰ মন্তব্য এটা কৰিছিল। তেওঁ কৈছিলঃ “The doctrine of the basic features had been invented by the Supreme Court in order to shield the Constitution from frequent and multiple amendments by a majoritarian government.” এইটোৱে হৈছে মূল কথা।
মন কৰিবলগীয়া কথা হ’ল ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাত বাৰে বাৰে সংবিধান সংশোধন কৰিবলৈ লোৱা উদ্যোগৰ সময়ত লোকসভাত কংগ্ৰেছ সদস্য আছিল ৩৬০ জন। এতিয়া যে উপ-ৰাষ্ট্ৰপতি জগদীশ ধানকাৰ আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুই অনবৰতে ন্যায়পালিকাক সমালোচনা কৰি আছে তাৰ গুৰিতেও আছে সংসদত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা।শ্ৰীমতী গান্ধীৰ দিনতো ‘ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি’ৰ কথাটোৱে কোৱা হৈছিল।এতিয়াও ‘ৰাইজৰ প্ৰতিনিধি’ৰে কথা কোৱা হৈছে।কিন্তু, কেৱল সংখ্যাগৰিষ্ঠতাৰ বলতে আইন পাছ কৰি বিজেপি চৰকাৰে সংসদীয় গণতন্ত্ৰৰ কেনে ক্ষতি কৰি আছে আমি সকলোৱে দেখিছোঁ।কলেজিয়াম পদ্ধতিৰ সলনি ন্যায়াধীশ নিযুক্তিৰ কাৰণে বিজেপি চৰকাৰে National Judicial Appointment Commission কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে NJAC ৰদ কৰি পুনৰাই কলেজিয়াম পদ্ধতি বাহাল ৰাখিছে।
এইখিনিতে কথা এটা আহে যদি আইন প্ৰণয়নৰ ক্ষেত্ৰত বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত কিবা বিৰোধ থাকে।তাৰ শেষ সিদ্ধান্ত কোনে দিব। এই ক্ষেত্ৰত ফলি এচ নৰিমানে তেওঁৰ God Save The Hon’ble Supreme Court নামৰ কিতাপখনত কি কৈছে চাওকঃ “For over seventy years we have been working a constitution that is federal in nature with allocated subjects of legislation separately and exclusively given to the states and to the Union; there is also a chapter on Fundamental Rights. And all laws and all executive action inconsistent with these important features are expressly declared to be ‘void’. Whenever a controversy arises, then some authority would have to be the final arbiter. Under the Indian Constitution, that arbiter is the country’s highest court.”
শেষ সিদ্ধান্ত সদায় উচ্চতম ন্যায়ালয়ৰ।সেয়ে, উপ-ৰাষ্ট্ৰপতি আৰু আইন মন্ত্ৰীয়ে এই ক্ষেত্রত তালফাল কৰি লাভ নাই। যিমানেই জনপ্ৰতিনিধিত্বৰ কথা নকওক কিয়, এনে সংকটৰ সময়ত প্ৰাতিষ্ঠানিক স্বায়ত্ততাইহে ৰাইজক বচাই আহিছে।ইতিহাসে তাকেই কয়।জৰুৰীকালীন অৱস্থাই তাৰ প্ৰমাণ।