প্ৰধানমন্ত্ৰী মোডীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰি চিঞৰি উঠিল যুৱ বিজেপি কৰ্মী-‘চাকৰি দিয়ক’!

ফটো: সংগ্ৰহীত।

বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা বেষ্টনি ভংগ। প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত জপিয়াই পৰিল এজন যুৱকে। আৰক্ষীয়ে জানিব পাৰে যে তেওঁ এজন সক্ৰিয় বিজেপি কৰ্মী। প্ৰধানমন্ত্ৰীক চাকৰিৰ দাবী জনাবলৈ এই ঘটনা সংঘটিত কৰিছিল যুৱকজনে।

বাৰাণসী প্ৰধানমন্ত্ৰীৰ সমষ্টি। তাৰ পৰাই তেওঁ নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছিল। বাৰাণসীৰ ৰুদ্ৰাক্ষ চেণ্টাৰৰ সমীপত হঠাৎ মোডীৰ কনভয়ৰ সন্মুখলৈ আহিল যুৱকজন। সেই সময়ত লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰলৈ গৈ আছিল প্ৰধানমন্ত্ৰী।

লগতে পঢ়ক: পিন্ধনত খাকী শাৰী আৰু কুৰ্তা: এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত পতাকা কঢ়িয়ালে লাভলীনা-হৰমনপ্ৰীতে

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱকজনৰ নাম কৃষ্ণ কুমাৰ। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। মোডীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। যুৱকজন মানসিকভাৱে সম্পূৰ্ণ সুস্থ নহয় বুলিও আৰক্ষীয়ে জানিব পাৰে।

নিৰাপত্তাৰ সুৰুঙাৰ বাবে যুৱকজনে মোডীৰ কনভয়ৰ একেবাৰে সন্মুখত উপস্থিত হয়। কনভয়ৰ পৰা তেওঁৰ দূৰত্ব আছিল মাত্ৰ ২০ মিটাৰ। গাড়ীৰ সন্মুখত থিয় হৈ চিঞৰি চিঞৰি প্ৰধানমন্ত্ৰীক চাকৰিৰ দাবী জনায়।

লগতে পঢ়ক: জয় গুৰু শংকৰ, সৰ্বগুণাকৰ: আজি শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, গুৰুভক্তিৰে মুখৰিত ৰাজ্য

অৱশ্যে প্ৰায় লগে লগে নিৰাপত্তাৰক্ষীয়ে যুৱকজনক ধৰি লয়। আৰক্ষীয়ে আটক কৰে যুৱকক। জেৰা চলি আছে। কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বাৰাণসীত নিৰ্মাণ হ’ব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম। শনিবাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল মোডী। ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত এই ষ্টেডিয়াম নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: চকুৰ সন্মুখতে পত্নীক ‘দলবদ্ধ ধৰ্ষণ’! অপমানত একেলগে বিহ সেৱন কৰি মৃত্যু সাৱটিলে দম্পতীয়ে

 ইয়াৰ লগে লগে উত্তৰ প্ৰদেশে লাভ কৰিছে তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। ইতিমধ্যে কানপুৰ আৰু লক্ষ্ণৌত এখনকৈ ষ্টেডিয়াম আছে।