NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত হৈ বাংগালুৰুত বোকাখাতৰ যুৱকৰ মৃত্যু

May 3, 2021 5:09 pm · উত্তম শইকীয়া

বাংগালুৰুত আজি কোভিড সংক্ৰমনত মৃত্যু হয় বোকাখাতৰ এজন যুৱকৰ।

বোকাখাতৰ সেউজীপাৰৰ অঞ্জন বৰুৱা নামৰ যুৱকজনৰ শৰীৰত বাংগালোৰতেই যোৱা ২৮ এপ্ৰিলত কোভিড সংক্ৰমণ ধৰা পৰিছিল৷

বাংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনৰ চিকিৎসাধীন অৱস্থাতে আজি পুৱা মৃত্যু হয়।

বাংগালুৰুৰ চোম্মেৎহালি নামৰ ঠাইত পত্নী শিল্পাৰসহ বিগত ১৫ বছৰে বসবাস কৰি আছিল যুৱকজনে।

Related News