NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত যুৱকৰ মৃত্যু : পিতৃৰ মুখ দেখাৰ পূৰ্বেই পিতৃহাৰা হ’ল কন্যা

January 22, 2019 7:42 am · পাৰ্শ্বজ্যোতি গগৈ
প্ৰতিনিধিত্বমূলক ফটো

সোমবাৰে নিশা ৯.৩০ মান বজাত শিৱসাগৰত সংঘটিত এক পথ দুৰ্ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। শিৱসাগৰ নগৰৰ সমীপৰ কুকুৰাপহীয়া অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাটোত ইন্টাফুৰ ৰহমান নামৰ এজন যুৱক থিতাতে নিহত হয়।

জানিব পৰা মতে ২৭ বছৰীয়া ইন্টাফুৰ ৰহমানে নিশা ডেকা বৰুৱা পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি গৈ থাকোতে দিচাংমুখৰ দিশৰ পৰা অহা এখন স্কুটিয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। স্কুটিৰ খুন্দাত গুৰুতৰ ভাৱে আহত ইন্টাফুৰক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা নাজিম উল্লা নামৰ যুৱক জনক স্থানীয় ৰাইজে উত্তম মাধ্যম দি আবদ্ধ কৰি ৰাখে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ এক ঘন্টাৰ পাছতো উক্ত স্থানত আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ বিভাগৰ কোনো বিষয়া উপস্থিত নোহোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উল্লেখ্য যে,  ইন্টাফুৰ ৰহমান দেওবাৰে এগৰাকী কন্যা সন্তানৰ পিতৃ হৈছিল। পিতৃৰ মুখ দেখিৱলৈ পোৱাৰ পূৰ্বেই দেৱকন্যা শিশুটিয়ে পিতৃহাৰা হ’ব লগীয়া হোৱাত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Related News