• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চকলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে নাগৰিক ঐক্যমঞ্চৰ জোঁৰ সমদল

NE NOW NEWS মিণ্টু দাস
নগাঁও , January 22, 2019 7:10 am

2 min read

chakaliaghat nagaon.docx photo

নগাঁৱৰ চকলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নাগৰিক ঐক্যমঞ্চৰ জোঁৰ সমদল। ফটো : নৰ্থইষ্ট নাও

633
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে  বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ যো-জা চলাই থকা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই সোমবাৰে নিশা নগাঁও জিলাৰ হাতীচোঙৰ চকলাঘাটত এক প্ৰতিবাদী জোঁৰ সমদল  উলিওৱা হয়।

নাগৰিক ঐক্যমঞ্চৰ উদ্যোগত নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুঁজীডাহ, নমাটি, খালৈগাঁও, কাকমাৰী, মাজগাওঁ, চকলাঘাট, চমুৱাগাঁও, জামগুৰি আদি স্থানৰ পৰা অহা শতাধিক যুৱকৰ লগতে হাতীচোং আঞ্চলিক ছাত্ৰসন্থা , সদৌ অসম গ্ৰামীন শ্ৰমিক সন্থা,চকলাঘাট শাখা সাহিত্য সভা আদি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে সমদলত অংশ লয়।

এই জোঁৰ সমদলটো চকলাঘাট চাৰিআলিৰ পৰা আৰম্ভ হৈ অঞ্চলৰ চুকে-কোণে সোমাই ৰাইজৰ মাজত জাতিধ্বংসী বিধায়কখনৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰে।

আনহাতে, হাতে হাতে জোঁৰ লৈ প্ৰতিবাদকাৰী সকলে দবা-শংখ বজাই “নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ” “হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ” আদি শ্ল’গানেৰে অঞ্চলটোৰ  আকাশ বতাহ কঁপাই তোলে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে বিশিষ্ট শিল্পী গম্ভীৰ শইকীয়া,অসম আন্দোলনৰ অগ্ৰণী নেতা দেৱ কুমাৰ বৰা ,অগপৰ কেন্দ্ৰীয় মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী মামনি বৰা,সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্ত আৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ দাসে বক্তব্য ৰাখি বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক ঐক্যভাৱে সংগ্ৰাম আগবঢ়াই নিবলৈ আহ্বান জনায়।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd