DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 8:55 pm
Shraddha Walkar murder
183
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এই বৰ্বৰ হত্যাকাণ্ডৰ গোচৰৰ ৬৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত দিল্লী আৰক্ষীয়ে এক ভয়ংকৰ দাবী সন্নিৱিষ্ট কৰিছে। দিল্লী আৰক্ষীৰ মতে হত্যাত অভিযুক্ত লিভ-ইন সংগী আফতাব পুনাৱালাই শ্ৰদ্ধা ৱাকাৰৰ দেহ ৩৫ টুকুৰাকৈ কটাৰ লগতে দেহৰ হাড় মিক্সাৰত গুড়ি পেলাই দিছিল।

দিল্লী আৰক্ষীয়ে চাৰ্জশ্বীটত উল্লেখ কৰা মতে ১৮ মে’ত শ্ৰদ্ধাক এনে নাৰকীয়ভাৱে হত্যা কৰাৰ পিছত পুনাৱালাই খাদ্যৰ অনলাইন ডেলিভাৰী কৰা চাইট জ’মাট’ৰ পৰা চিকেন ৰোল অৰ্ডাৰ কৰি আনি ভোজনো কৰিছিল।

চাৰ্জশ্বীটত আৰক্ষীয়ে উল্লেখ কৰা মতে, আফতাবে প্ৰথমে মৃতদেহটো প্লাষ্টিকৰ বেগত ভৰাই পেলাই দিয়াৰ কথা চিন্তা কৰিছিল। এই পৰিকল্পনা অনুসৰিয়েই তেওঁ আনকি এটা বেগো কিনি আনিছিল। কিন্তু ধৰা পৰিব বুলি ভাবি সেই পৰিকল্পনা বাদ দিছিল।

ইয়াৰ পিছতে আফতাবে শ্ৰদ্ধাৰ মৃতদেহটো কাটি পেলোৱাৰ সিদ্ধান্ত লয় আৰু দোকানৰ পৰা কটাৰী, হাতুৰী আৰু তিনিখন দা ক্ৰয় কৰে। তাৰ পিছতে মৃতদেহটো ৩৫ টুকুৰা কৰি কাটি ফ্ৰীজত ভৰাই থয় আফতাবে।

আনহাতে যেতিয়াই তেওঁৰ কোনো ব্যক্তি তেওঁৰ বাসস্থান ভ্ৰমণ কৰিবলৈ আহিছিল তেতিয়াই পুনাৱালাই ফ্ৰীজৰ পৰা দেহৰ কটা টুকুৰাবোৰ উলিয়াই পাকঘৰত ৰাখিছিল বুলিও চাৰ্জশ্বীটত প্ৰকাশ কৰা হৈছে।

আনহাতে শ্ৰদ্ধাৰ মোবাইল ফোনটো কেইবাদিন ধৰি নিজৰ সৈতে ৰাখিছিল পুনাৱালাই। গুগলৰ তথ্য অনুসৰি ১৮ মে’ৰ পিছত শ্ৰদ্ধাৰ একাউণ্ট তেওঁৰ ফোনটোৰ পৰা চলি আছিল।চাৰ্জশ্বীটত উল্লেখ কৰা মতে পিছত আফতাবে তেওঁৰ সৈতে থকা শ্ৰদ্ধাৰ লিপষ্টিক আৰু ফোনটো মুম্বাইত পেলাই দিছিল।

ইতিমধ্যে শ্ৰদ্ধাৰ মৃতদেহৰ প্ৰায় ২০ টা কটা টুকুৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই কটা মূৰটো।

যোৱা বছৰৰ শেষৰ ফালে হোৱা পলিগ্ৰাফ আৰু নাৰ্কো-এনালাইছিছ পৰীক্ষাত আফতাব পুনাৱালাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে। এই নৃশংস হত্যাকাণ্ডৰ বাবে তেওঁ অনুশোচনা অনুভৱ কৰা বুলিও চাৰ্জশ্বীটত দাবী কৰা হৈছে।

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd