• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰাগজ্যোতিষপুৰ’ নামেৰে কলিতা স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2019 8:01 pm
download

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সৱ কা সাথ সৱ কা বিকাশ” বুলি শ্ল’গান দিয়া বিজেপি চৰকাৰে কোনো ক্ষেত্ৰতেই অসমৰ খিলঞ্জীয়া কলিতাৰ বাবে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।

আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে কলিতা সকলৰ বিভিন্ন দল-সংগঠনে ১৯৮৮ চনৰে পৰাই জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই বিষয়ে কলিতা সকলৰ এটা সংগঠন “কলিতা জনগোষ্ঠী সন্মিলন অসম”ৰ তৰফৰ পৰা পূৰ্বেও যোগাযোগ কৰা হৈছে।

তদুপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰা কলিতা উন্নয়ন পৰিষদখন আজিৰ পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ কালতো হৈ নুঠিল বুলি মন্তব্য কৰি কলিতা জনগোষ্ঠীৰ মন্ত্ৰী, বিধায়ক সকলক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে।

সংগঠনটোৱে পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ পৰিবৰ্তনকামী বুলি দাবী কৰা বৰ্তমানৰ চৰকাৰখনেও কলিতা জনগোষ্ঠীক শোষণ তথা প্ৰতাৰণা কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে।

প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে আৰু উল্লেখ কৰি কয় যে অসম তথা ভাৰতৰ জনতাৰ কৰৰ ধনেৰে যি সময়ত আহোম, চুতীয়া আদি অন্য জাতি-জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকীয়া বিশেষ পেকেজ ঘোষণা কৰে, তেনে সময়ত কিন্তু বিজেপি চৰকাৰে কলিতা সকলৰ বাবে ১২৫ টকাও খৰছ কৰা নাই।

ছয় জনগোষ্ঠীৰ লগত কলিতা সকলক কি কাৰণে জনজাতিৰ মৰ্যাদা দিব পৰা হোৱা নাই তাৰ উত্তৰ বা কাৰণ অসমৰ কলিতা সমাজৰ আগত স্পষ্ট কৰিবলৈ অসম চৰকাৰ, জনজাতিকৰণৰ বিষয়টো চোৱাচিতা কৰি থকা বিশেষ মন্ত্রীগোট তথা ভাৰত চৰকাৰক সংগঠনটোৱে বিজ্ঞপ্তিটোৰ জৰিয়তে আহ্বান জনায়।

এই সন্দৰ্ভত সভাপতি অনুপল দত্ত পাঠকে কয়, “জনজাতিকৰণ” কলিতাৰ মুখ্য দাবী। তাৰ পিছত কলিতা সকলৰ বাবে প্ৰাগজ্যোতিষপুৰ নামেৰে সুকীয়া উন্নয়ন পৰিষদ বা স্বায়ত্ত শাসিত পৰিষদ বিচৰা হৈছে। লগতে চাকৰিৰ ক্ষেত্ৰত ৫০% আসন সংৰক্ষণ, শিক্ষাৰ ক্ষেত্ৰত ইঞ্জিনীয়াৰিং, মেডিকেল আদিত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ বিচাৰিছো’।

ইয়াৰ উপৰি তেওঁ ‘UPSC, APSC ত আসন সংৰক্ষণ, ৰাজনৈতিক ক্ষেত্ৰত অসমৰ ৪৫টা বিধানসভা সমষ্টি, ৪ টা লোক সভাৰ আসন, লগতে বি টি এ ডিত বাস কৰা কলিতাসকলৰ প্ৰতি ১০ খন পৰিষদীয় আসন সংৰক্ষণ আদি বিচাৰে। কিন্তু পৰিতাপৰ কথা যে কলিতা সকলৰ এটা দাবীও আজিলৈকে চৰকাৰে মানি নল’লে।

৭০ লাখ কলিতাক বঞ্চিত কৰি আন জনগোষ্ঠীক জনজাতিকৰণ কোনো কাৰণতে মানি লোৱা নহব বুলি স্পষ্ট কৰিছে অনুপল দত্ত পাঠকে।

তেওঁ পুনৰ কয় যে ইতিমধ্যে আমি বহু শোষণ আৰু বঞ্চনা সহ্য কৰিলো, এতিয়াৰ পৰা নকৰো। আজি কলিতাই নিজৰ প্ৰাপ্য বিচাৰিছে। শান্তিপূৰ্ণ দাবীৰ দ্বাৰা চৰকাৰৰ গা নলৰিলে অৰ্থাৎ কলিতাৰ জনজাতিকৰন নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।

লগতে কৈছে যে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰোতে “সাধাৰণ জাতি”ৰ বিশেষণ লগাই যাতে কলিতাক পুনৰ বঞ্চিত নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও চৰকাৰক ইয়াৰ দ্বাৰা দাবী জনাইছে।

শেষত,কলিতা সকলৰ দাবীৰ প্ৰতি শাসক তথা বিৰোধী দলৰ সকলো মন্ত্ৰী বিধায়ক, সাংসদৰ সঁহাৰি, বিশেষকৈ কলিতা জনগোষ্ঠীৰ  ৰক্ত ধাৰণ কৰা মন্ত্ৰী, বিধায়ক, সংসদৰ সহায় আহ্বান জনাইছে সংগঠটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd