“সৱ কা সাথ সৱ কা বিকাশ” বুলি শ্ল’গান দিয়া বিজেপি চৰকাৰে কোনো ক্ষেত্ৰতেই অসমৰ খিলঞ্জীয়া কলিতাৰ বাবে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।
আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে কলিতা সকলৰ বিভিন্ন দল-সংগঠনে ১৯৮৮ চনৰে পৰাই জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই বিষয়ে কলিতা সকলৰ এটা সংগঠন “কলিতা জনগোষ্ঠী সন্মিলন অসম”ৰ তৰফৰ পৰা পূৰ্বেও যোগাযোগ কৰা হৈছে।
তদুপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰা কলিতা উন্নয়ন পৰিষদখন আজিৰ পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ কালতো হৈ নুঠিল বুলি মন্তব্য কৰি কলিতা জনগোষ্ঠীৰ মন্ত্ৰী, বিধায়ক সকলক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে।
সংগঠনটোৱে পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ পৰিবৰ্তনকামী বুলি দাবী কৰা বৰ্তমানৰ চৰকাৰখনেও কলিতা জনগোষ্ঠীক শোষণ তথা প্ৰতাৰণা কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে।
প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে আৰু উল্লেখ কৰি কয় যে অসম তথা ভাৰতৰ জনতাৰ কৰৰ ধনেৰে যি সময়ত আহোম, চুতীয়া আদি অন্য জাতি-জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকীয়া বিশেষ পেকেজ ঘোষণা কৰে, তেনে সময়ত কিন্তু বিজেপি চৰকাৰে কলিতা সকলৰ বাবে ১২৫ টকাও খৰছ কৰা নাই।
ছয় জনগোষ্ঠীৰ লগত কলিতা সকলক কি কাৰণে জনজাতিৰ মৰ্যাদা দিব পৰা হোৱা নাই তাৰ উত্তৰ বা কাৰণ অসমৰ কলিতা সমাজৰ আগত স্পষ্ট কৰিবলৈ অসম চৰকাৰ, জনজাতিকৰণৰ বিষয়টো চোৱাচিতা কৰি থকা বিশেষ মন্ত্রীগোট তথা ভাৰত চৰকাৰক সংগঠনটোৱে বিজ্ঞপ্তিটোৰ জৰিয়তে আহ্বান জনায়।
এই সন্দৰ্ভত সভাপতি অনুপল দত্ত পাঠকে কয়, “জনজাতিকৰণ” কলিতাৰ মুখ্য দাবী। তাৰ পিছত কলিতা সকলৰ বাবে প্ৰাগজ্যোতিষপুৰ নামেৰে সুকীয়া উন্নয়ন পৰিষদ বা স্বায়ত্ত শাসিত পৰিষদ বিচৰা হৈছে। লগতে চাকৰিৰ ক্ষেত্ৰত ৫০% আসন সংৰক্ষণ, শিক্ষাৰ ক্ষেত্ৰত ইঞ্জিনীয়াৰিং, মেডিকেল আদিত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ বিচাৰিছো’।
ইয়াৰ উপৰি তেওঁ ‘UPSC, APSC ত আসন সংৰক্ষণ, ৰাজনৈতিক ক্ষেত্ৰত অসমৰ ৪৫টা বিধানসভা সমষ্টি, ৪ টা লোক সভাৰ আসন, লগতে বি টি এ ডিত বাস কৰা কলিতাসকলৰ প্ৰতি ১০ খন পৰিষদীয় আসন সংৰক্ষণ আদি বিচাৰে। কিন্তু পৰিতাপৰ কথা যে কলিতা সকলৰ এটা দাবীও আজিলৈকে চৰকাৰে মানি নল’লে।
৭০ লাখ কলিতাক বঞ্চিত কৰি আন জনগোষ্ঠীক জনজাতিকৰণ কোনো কাৰণতে মানি লোৱা নহব বুলি স্পষ্ট কৰিছে অনুপল দত্ত পাঠকে।
তেওঁ পুনৰ কয় যে ইতিমধ্যে আমি বহু শোষণ আৰু বঞ্চনা সহ্য কৰিলো, এতিয়াৰ পৰা নকৰো। আজি কলিতাই নিজৰ প্ৰাপ্য বিচাৰিছে। শান্তিপূৰ্ণ দাবীৰ দ্বাৰা চৰকাৰৰ গা নলৰিলে অৰ্থাৎ কলিতাৰ জনজাতিকৰন নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।
লগতে কৈছে যে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰোতে “সাধাৰণ জাতি”ৰ বিশেষণ লগাই যাতে কলিতাক পুনৰ বঞ্চিত নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও চৰকাৰক ইয়াৰ দ্বাৰা দাবী জনাইছে।
শেষত,কলিতা সকলৰ দাবীৰ প্ৰতি শাসক তথা বিৰোধী দলৰ সকলো মন্ত্ৰী বিধায়ক, সাংসদৰ সঁহাৰি, বিশেষকৈ কলিতা জনগোষ্ঠীৰ ৰক্ত ধাৰণ কৰা মন্ত্ৰী, বিধায়ক, সংসদৰ সহায় আহ্বান জনাইছে সংগঠটোৱে।