আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত, সংগঠনত বিভাজনৰ কথা অস্বীকাৰ

booonnn

আক্ৰাছু বিভাজন হোৱা নাই আৰু নহয় ৷ জাতিৰ স্বাৰ্থত আমি সকলোৱে ঐক্যৱদ্ধভাৱে কাম কৰিম ৷ আমাৰ মাজত কিছু ভুল বুজা বুজি হ’ব পাৰে ৷ সেয়া যি কি নহওক, কিন্তু আমি পুনৰ জাতিটোৰ স্বাৰ্থত সকলোৱে মিলি একগোট হৈ জনগোষ্ঠীটোৰ যি প্ৰাপ্য অধিকাৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব ৷ এই মন্তব্য আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ৷

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সভাপতি ৰায়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে কে এ চিকলৈ আক্ৰাছু পুনৰ বিভাজন হ’ব বুলি বিভিন্ন প্ৰচাৰ চলি থকাৰ সময়তে এই সংবাদ মেলত কে এ চিৰ ঘোষিত পাৰিষদৰ তালিকাত থকা আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন , উপদেষ্টা প্ৰদীপ ৰায় , কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আদি উপস্থিত থাকি সংগঠনটোৰ মাজত যে বিভাজন নাই সেয়া প্ৰমাণ কৰা পৰিলক্ষিত হয় ৷

আনকি সাধাৰণ সম্পাদক গোকুল বৰ্মনেও আক্ৰাছুৰ মাজত কোনো বিভাজন নাই বুলি কৈ এয়া কোচ ৰাজবংশী জনগোষ্ঠী বিৰোধী অপ শক্তিয়েহে অপ প্ৰচাৰ চলাই আছে বুলি কয় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে লগতে কয় যে চৰকাৰে কে এ চি গঠন কৰা তিনি মাহমান হ’ল যদিও আজিলৈকে তাক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷

সেয়ে চৰকাৰে জনগোষ্ঠীটোৰ উন্নয়নৰ  স্বাৰ্থত গঠন কৰা কে এ চি খনক অতিশীঘ্ৰে পূৰ্ণতা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ সেইদৰে ক’ভিড সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অহা ২৯ জুলাইত আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিসৱটি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰিব বুলি কয় ৷

লগতে ২৪ জুলাইত আহ্বান কৰা সংগঠনটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন সাময়িকভাৱে স্থগিত ৰাখি অহা ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনাখন সভাৰ পৰৱৰ্তী দিন ঘোষণা কৰা হ’ব বুলি কয় ৷

লগতে প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত তেজেৰে পত্ৰ লিখি প্ৰেৰণৰ যি কাৰ্যসূচী ঘোষণা কৰিছিল সেয়াও সাময়িকভাৱে স্থগিত ৰখা বুলি সভাপতি ৰায়ে উল্লেখ কৰে ৷

ইপিনে সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে  জনজাতিকৰণৰ মৰ্যদা কোচ ৰাজবংশী জনগোষ্ঠীৰ নাৰ্য দাবী ৷ জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছু পূৰ্বৰ স্থিতিতে অটল  আৰু জনজাতিকৰণৰ বিষয়টোত কোনোদিনে আপোচ কৰা নহ’ব বুলি কয় ৷