• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 23, 2025 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কৃষি ভুমি, বনাঞ্চল, জলাশয়, পৰ্বত পাহাৰ আৰু জনবসতিপূৰ্ণ মাটি বাহিৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত অৰ্পন কৰিব নোৱাৰিব ৷ অসমৰ কৃষিভুমি, বনাঞ্চল, জনাঞ্চল, জলাশয়, পৰ্বত পাহাৰ সুৰক্ষিত হৈ থাকিব লাগিব ৷ আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব ৷ এই দাবী আম আদমি পাৰ্টী, অসমৰ ৷

সোমবাৰে বিয়লি ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰৰ যোগে এই দাবী উত্থাপন কৰে দলটোয়ে ৷ তদুপৰি অসম গৌৰৱ চাহ অসমৰ বুকুৰ পৰা নাইকিয়া কৰিবৰ বাবে এটা পুঁজিপতি চক্ৰই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰি স্মাৰক পত্ৰখনৰ যোগেদি ৰাজ্যপালক বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷

Apply Now

এক বিবৃতিত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই কয় যে, অসম গৌৰৱ চাহ আৰু চাহ বাগিচা সুৰক্ষিত হৈ থাকিব লাগিব ৷ তাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ হাতত ল’ব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ হ’ব লাগিব ৷ তেখেতে কয় যে চৰকাৰৰ জ্ঞাত সাৰেই এক বৃহৎ পুঁজিপতি চক্ৰই অসমৰ চাহ বাগানসমুহ ক্ৰয় কৰি নিজৰ হাতলৈ নিব বিচাৰিছে ৷ এই চক্ৰটোৰ এটাই উদ্দেশ্য বাগিচাসমুহ ক্ৰয় কৰি হাজাৰ হাজাৰ বিঘা মাটি নিজৰ হাতলৈ নিব লাগে আৰু সেই মাটিৰ পৰা চাহ গছ উৎখাত কৰি অন্য উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগে ৷ অন্যহাতে ৰাজ্যখনত যোৱা কেইটামান মাহত আইন শৃংখলা পৰিস্থিতি অৱনতি ঘটিছে বুলি অভিযোগ কৰি ৰাজ্যপালক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ স্মাৰক পত্ৰখনৰ যোগেদি দলটোয়ে অনুৰোধ কৰিছে ৷ লগতে গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে ৷

বিবৃতিটোত দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে কয়, অসমৰ কৃষি ভুমি, বনাঞ্চল, জলাঞ্চল, জলাশয়, পৰ্বত পাহাৰৰ মাটি বাহিৰৰ মানুহক গতাই দিয়া কাম অতি ঘৃণনীয় আৰু এই কামৰ বিৰোধীতা কৰি যাব আম আদমি পাৰ্টীয়ে ৷

অন্যহাতে ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকা ৰজাই কয়, জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে এতিয়া জাতি মাটি ভেটি বিক্ৰীৰ কামত লিপ্ত হৈছে ৷ আজি স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়সমুহ ৰাজ্যপাল গৰাকীয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি দলটোৰ নেতৃত্বই কয় যে, আমি ৰাজ্যপালৰ ওপৰত বিশ্বাস ৰাখিছো, আমাৰ দাবীসমুহ কাৰ্যকৰী কৰিব ৷ আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীৰ নেতৃত্বত ৰাজ্যপালক সাক্ষাৎ কৰা দলটোত আছিল ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়া, উপ সভাপতি অনুৰূপা ডেকাৰজা, ৰাজ্যিক সম্পাদক (প্ৰশাসন) ভিক্টৰ গগৈ আৰু আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি জিতু ডেকা।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd