ডিব্ৰুগড়ত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা

আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এখন সভা আজি ডিব্ৰুগড় চহৰত অনুষ্ঠিত হয়। ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা উপস্থিত থাকে।

সভাত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক লক্ষ্য কৰি দলৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰা হয়। পঞ্চায়তৰ জৰিয়তে নিজৰ পঞ্চায়তত উন্নয়ন তথা প্ৰগতিৰ বাবে কাম কৰিবলৈ ইচ্ছুক সকলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে যোগাযোগ কৰিবলৈ আজিৰ কাৰ্যনিৰ্বাহকে এটা ফোন নম্বৰ ৰাজহুৱা কৰে। ফোন নম্বৰটো হৈছে ৬৯১৩২৪০৪৯৬। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা ইচ্ছুক সকলোৱে এই নম্বৰত ফোন বা হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। তদুপৰি www.aapassam.in/election-application ৱেবছাইটলৈ গৈ অন-লাইন প-পত্ৰখন পূৰ কৰিবলৈ দলে আহ্বান জনায়।

অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ সামগ্ৰিক অধ্যয়ন কৰি ১৬ জনীয়া গোটে আজি নিজৰ প্ৰতিবেদন জমা দিয়ে। পৰৱৰ্তী সময়ত এই প্ৰতিবেদন বিশ্লেষণ কৰি আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব।

আজিৰ সাংগঠনিক পৰ্যালোচনাত ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, নগাঁও, মঙলদৈ, ধুবুৰী আৰু শিলচৰৰ সাংগঠনিক স্থিতি অধিক সুদৃঢ় কৰাত গুৰুত্ব প্ৰদান কৰা হয়।

লগতে পঢ়কঃ ৰক্ষকেই ভক্ষক! খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত

লগতে পঢ়কঃ টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

লগতে পঢ়কঃ ১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱস। কি সেই পাঁচখন দেশ?