সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত শাসকীয় দল বিজেপিয়ে ভোটাৰক ভয়-ভাবুকি, হেলিকপ্টাৰ ব্যৱহাৰি কৰি ৰাইজৰ কৰৰ টকা আকাশত উৰুৱাই, চৰকাৰী আঁচনিসমূহ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পার্টীয়ে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে সমালোচনা কৰি কয় যে যি সময়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত আম আদমি পার্টীয়ে অসমৰ গাঁৱৰ ৰাইজে দীর্ঘদিনীয়া বিভিন্ন সমস্যা সমূহক লৈ আগবাঢ়িছে, সেই সময়ত কংগ্রেছ, বিজেপি দলে কোনোবোই যদি কাৰোবাৰ বিদেশ ভ্রমণক লৈ ব্যস্ত হৈছে, কোনোরে আকৌ ‘আমূল তাজা’ খাই ডাঙৰ হোৱাৰ কথা কৈছে। কোনোবাই যদি কৈছে অহাবাৰ তেওঁলোকৰ চৰকাৰ হ’লে কাক কাক কাৰাগাৰলৈ নিক্ষেপ কৰিব; তাৰ প্ৰত্যুত্তৰত আন কোনোবাই আকৌ উলিয়াইছে যে কাৰ চৰকাৰৰ দিনত চাকৰি পাবলৈ অসমীয়া মহিলাই নিজৰ সতীত্ব বিসর্জন দিবলগীয়া হৈছিল।
এনে শ্রুতিকটু-দৃষ্টিকটু বিষয়বস্তুৰেই নির্বাচনী ক্ষেত্ৰ ভৰি পৰিছে, য’ত নাই পঞ্চায়তৰ কথা। যি উদ্দেশ্য লৈ দেশত পঞ্চায়তীৰাজ ব্যৱস্থা গঢ় দিয়া হৈছিল, সেই উদ্দেশ্য অসমত কংগ্ৰেছ, বিজেপি দলৰ বাবে গৌণ হৈ পৰিছে। এইবাৰ নিৰ্বাচনত বিজেপি দলে ভোটৰ ৰাইজক বিজেপিক ভোট নিদিলে সকলো চৰকাৰী আঁচনিৰ পৰা নাম কর্তন, য’ত বিজেপি দল পৰাজিত হয় সেই অঞ্চলটো সকলো চৰকাৰী সা-সুবিধা তথা উন্নয়নৰ পৰা বঞ্চিত হ’ব আদি বহু ভাবুকি দিয়া পৰিলক্ষিত হৈছে।
ডাঃ ভবেন চৌধুৰীয়ে বিজেপি দলে ভোটাৰক ভয়-ভাবুকি প্রদান কৰিছে বুলি অভিযোগ কৰাৰ লগতে প্ৰচাৰৰ সময়ত চৰকাৰী আঁচনিসমূহ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই পঞ্চাযাত নির্বাচনত নির্বাচনী বিধি উলংঘা কৰি জয়ী হ’বলৈ বিচাৰিছে বুলি অভিযোগ কৰি ডাঃ চৌধুৰীয়ে চৰকাৰে ৰাজহুৱা ধন ব্যৱহাৰ কৰি ভোটাৰক প্ৰভাৱিত কৰাৰ লক্ষ্যৰে নতুন আঁচনি ৰূপায়ন কৰিছে লগতে ভোটাৰক বহু মিছা কথা কৈ ভয় ভাবুকি দেখুৱাই আহিছে বুলি উল্লেখ কৰে।