• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মই কাৰাগাৰত থাকিলেও দিল্লীত জয়ী হ’ব আপ: আত্মবিশ্বাসী কেজৰিৱালৰ দৃঢ়বাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 7:34 pm
Kejriwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ। নিৰ্বাচনী যুঁজলৈ সাজু হৈ পৰিছে শাসক বিৰোধী সকলো। তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। সমানেই বৃদ্ধি পাইছে বাক-বিতণ্ডা।

এনে তৎপৰতাৰ মাজতে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰবল আত্মবিশ্বাসেৰে কৰিছে এক দৃঢ়বাণী। দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ইতিপূৰ্বে ইডিৰ চমন লাভ কৰা কেজৰিৱালৰ মন্তব্য, তেওঁ কাৰাগাৰত থাকিলেও দিল্লীত জয়ী হ’ব আপ!

Apply Now

আজি দলৰ এক কাৰ্যকৰ্তা সন্মিলনত এই মন্তব্য কৰিছে কেজৰিৱালে। দলীয় কৰ্মীসকলক সম্বোধন কৰি দোহাৰে কেজৰিৱালে, “কাৰাগাৰলৈ যাবলৈ মই ভয় নকৰো।” কেজৰিৱালে ভাষ্য, এজন বিপ্লৱীৰ বাবে কাৰাগাৰ এক অলংকাৰ।

নিজকে ক্ষমতাৰ প্ৰতি লোভী নহয় বুলিও আপ মুৰব্বীগলাকীয়ে কৰে মন্তব্য। মুখ্যমন্ত্ৰী পদৰ প্ৰতি তেওঁৰ কোনো লোভ নাই বুলি উল্লেখ কৰি কেজৰিৱাল কয়, “মই সম্ভৱতঃ বিশ্বৰ প্ৰথমজন মুখ্যমন্ত্ৰী, যি কোনেও নোকোৱাকৈয়ে ৪৯ দিনৰ পিছত পদত্যাগ কৰিছিলো।”

ইফালে বিজেপিক কটুক্তি কৰি কেজৰিৱালৰ অভিযোগ, দিল্লীত আপক পৰাস্ত কৰিব নোৱাৰে বুলি বিজেপিয়ে জানে আৰু সেইবাবেই ষড়যন্ত্ৰ ৰচনা কৰি বিজেপিয়ে আপৰ নেতাসকলক কাৰাগাৰত ভৰাইছে।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰচাৰত বাধা সৃষ্টিৰ বাবে বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে বুলিও দাবী কৰে কেজৰিৱালে। একেটা উদ্দেশ্যতে বিজেপিয়ে বিভিন্ন আঞ্চলিক দলসমূহৰ নেতাসকলকো লক্ষ্য কৰি ল’ব বুলিও তেওঁ লগতে দাবী কৰে।

নিৰ্বাচনত সহজে জয়ী হোৱাৰ লক্ষ্যৰে পৰিকল্পনা মৰ্মেই বিজেপিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক জেললৈ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে বুলি বিস্ফোৰক দাবী কৰিছে আপ মুৰব্বীগৰাকীয়ে।

ইফালে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ হোৱা তথা কাৰাবন্দী হৈ থকা দলীয় সতীৰ্থসকলৰ প্ৰসঙ্গৰে তেওঁ দলীয় কৰ্মীসকলক প্ৰেৰণা যোগায়। কেজৰিৱালৰ মন্তব্য, দেশত শিক্ষা বিপ্লৱ অনা দলৰ নেতা মনীষ চিছ’দিয়া এতিয়া কাৰাগাৰত আছে।

“একেদৰে স্বাস্থ্য বিপ্লৱ আনি দিয়া সত্যেন্দ্ৰ জৈন অন্তৱৰ্তীকালীন জামিনত ওলাইছে। আমাৰ চাৰিজন নেতা আজিও কাৰাগাৰত আছে। তেওঁলোক প্ৰেৰণা। জেললৈ যাবলৈ ভয় নকৰিব।”— নিজ বক্তব্যত দলীয় সতীৰ্থসকলৰ কথা উল্লেখ কৰি কৰ্মীসকললৈ এই আহ্বান জনায় কেজৰিৱালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd