NORTHEAST NOW (Assamese)

পিপিই কিট কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টি; শিৱসাগৰত ল’লে প্ৰতিবাদী কাৰ্যসূচী

June 14, 2022 5:07 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰত আজি আম আদমী পাৰ্টিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

ক’ভিডৰ সময়ত ৰাজ্য চৰকাৰে পিপিই কিট ক্ৰয়ৰ ক্ষেত্ৰত হোৱা অনিয়মৰ তদন্ত বিচাৰি, ৰাজ্যত হোৱা আকাশলংঘী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী আৰু দুলু চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দলটোৱে।

ফটো: নৰ্থইষ্ট নাও।

প্ৰতিবাদস্থলীৰ পৰাই শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আম আদমী পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিয়ে। 

Related News