আজি ৪ ডিচেম্বৰ শুকুৰবাৰে হোজাই চহৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ হোজাই গোটে (AAMMWU) এটা প্ৰতিবাদী সমদল উলিয়ায়। অসমৰ সমগ্ৰ ২৪খন জিলাৰ চৰকাৰী বিদ্যালয়মূহত মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক দিয়াৰ চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
আজি আবেলি হোজাই চহৰত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনিক অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ হাতত অৰ্পণ কৰাৰ বিৰোধিতা কৰা হয়।
এই প্ৰতিবাদী সমদলটো হোজাই ৰ’লৱে ষ্টেশ্যন চৌহদৰ পৰা আৰম্ভ কৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি কৰা হয়। এই প্ৰতিবাদী সমদলত প্ৰায় ৩০০ গৰাকী মধ্যাহ্ন ভোজন কৰ্মীয়ে অংশগ্ৰহণ কৰে।সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ হোজাই গোটৰ সদস্যসকলে হোজাইৰ মহকুমাধিপতিৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ হোজাই গোটৰ সদস্য যুগেশ্বৰ দাসে জনাইছে, ‘‘চৰকাৰে অসমৰ ২৪ খন জিলাতেই মধ্যাহ্ন ভোজনক ব্যক্তিগত খণ্ডৰ বেচৰকাৰী সংস্থাক হস্তান্তৰিত কৰাৰ বাবে গ্ৰহণ কৰা এই আমি সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰোঁ।’’
তেওঁ কৈছে ‘‘আমাৰ দাবীসমূহৰ ভিতৰত আছে মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মজুৰি বৰ্তমানৰ ১০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা আদি আছে। ইমান সামান্য টকাৰে কোনেও চলিব নোৱাৰে। আমি দাবী জনাও যে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক ভৱিষ্য নিধি আৰু চিকিৎসা বীমা আদি সামাজিক নিৰাপত্তা আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছোঁ।’’