• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সংলাপহীন যদিও এক সাৱলীল চুটি ছবি-আওকাণ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 23, 2022 2:32 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আওকাণ বা এক কথাত ক’বলৈ গ’লে অৱহেলা কৰা। এই চুটি ছবিখনৰ মূল উপজীব্যক দৰ্শাবৰ বাবে নামটি সম্পূৰ্ণ যথোপযুক্ত। গীত ভৈৰৱৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনৰ কাহিনী-ত্ৰিৱেণী গগৈৰ। ৰবিজিতা গগৈৰ দ্বাৰা প্ৰযোজিত এই চুটি ছবিখনে ইতিমধ্যেই অনুষ্ঠিত হৈ যোৱা NEFVTA চুটি ছবি মহোৎসৱৰ ক শাখাৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁ‌টা লাভ কৰাৰ লগতেই মণিকৰ্ণিকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সম্পাদনাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখনৰ দৈঘ্য মাত্ৰ ৪ মিনিট ৪৭ ছেকেণ্ডৰ। ছবিখন বৰ্তমান ৰবিজিতা গগৈৰ ইউটিউব চেনেলত উপলব্ধ।

চিনেমাৰ আৰম্ভণিৰ চিত্ৰায়ণ ক’লা-বগা(black and white)ত,দোতাৰা আৰু চেতাৰৰ নেপথ্য সংগীতৰ সমন্বয়ত। দুই মাক-জীয়েক(ৱাছফিয়া আৰু আছফিয়া)সদাব্যস্ত ফাঁ‌চী বজাৰৰ অলিয়ে-গলিয়ে পদপথৰ কাষৰ দোকানত কাপোৰ আদিৰ বজাৰৰ বাবে যায়। মাজতেই এক ধৰ্মীয় শোভাযাত্ৰা বা সমদল ওলায়, যাৰ ভিৰৰ মাজত দুই মাক-জীয়েক সোমাই পৰে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই চুটি ছবিখনত সংলাপৰ ব্যৱহাৰ একেবাৰেই নাই বুলিলেও ভুল নহ’ব। সংলাপৰ ব্যৱহাৰ ন্যুনতম অৰ্থাৎ ছবিখনৰ দৃশ্যপট আৰু চৰিত্ৰৰ দেহভংগীমা (ব’ডী লেংগুৱেজ)ই দৰ্শকক সম্পূৰ্ণ কাহিনীৰ লগত সংযুক্ত কৰিব পাৰিব লাগিব। আৰু আওকাণৰ পৰিচালক, কাহিনীকাৰ এইখিনিতেই সফল বুলিব লাগিব। কাৰণ, এই সংলাপহীনতাৰ মাজেৰে তেওঁ‌লোকে ছবিখনক সাৱলীল এক গতিত আগুৱাই নিবলৈ আৰু দৰ্শকক ছবিখনৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হৈছে।

Apply Now

ছবিখনৰ মূল বিষয়বস্তু অতি প্ৰাসংগিক তথা স্পৰ্শকাতৰ। যি কথা আমি সকলোৱেই জানি,দেখি,বুজিও বহু সময়ত এৰাই চলো বা আওকাণ কৰো। সকলোৰেই অৱগত এই বিষয়বস্তুক কেন্দ্ৰ কৰি এনে এখন ছবি নিৰ্মাণ এক খুবেই জৰুৰী পদক্ষেপ। ধৰ্মীয় শোভাযাত্ৰাৰ মিছিলৰ মাজতে হঠাত মাক-জীয়েক বিচ্ছিন্ন হৈ পৰে। মাক ৱাছফিয়াৰ হাহাকাৰখিনিক প্ৰদৰ্শন কৰিবৰ বাবে অৰ্থৱহ এক ট্ৰিটমেন্ট দিছে। যদিও, যিখিনি দিছে সেয়া পৰ্যাপ্ত। অৰ্থাৎ,শোভাযাত্ৰা আৰু চৌপাশৰ হুলস্থূলীয়া পৰিবেশৰ নেপথ্যই চলি থাকে, তাৰ মাজত মাকে জীয়েকক বিচাৰি হাহাকাৰ কৰি থাকে।

ঠিক এইখিনিতেই মাজে মাজে এক দুই পলকৰ বাবে নেপথ্য সম্পূৰ্ণ নিস্তব্ধ কৰি দি,মাকে জীয়েকক মাতি থকা অংশক দৰ্শাইছে। এইখিনিৰ জড়িয়তেই, হুলস্থূলীয়া পৰিবেশ আৰু নিস্তব্ধতা দুয়োটি উপাদানেই মাকৰ হাহাকাৰখিনিক সমুচিত ৰূপত দৰ্শাবলৈ সক্ষম হৈছে।

ছবিখনৰ মূল বিষয়বস্তু হৈছে-শিশু নিখোজ বা নিৰুদ্দেশ হোৱা। তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি ৮ মিনিটত একোটিকৈ শিশু নিৰুদ্দেশ হয়। ই এক অতি ভয়ানক তথ্য। আৰু পৰৱৰ্তী সময়ত এই শিশুসকলক ভিক্ষাবৃত্তি,দেহ-ব্যৱসায় আদিকে আৰম্ভ কৰি ভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰে। কাৰ সন্তানৰ, ক’ত, কেনে পৰিস্থিতিত পৰি সমগ্ৰ জীৱনৰ দিশেই সলনি হৈ পৰে, ই এক অতি জৰুৰী তথা চিন্তনীয় বিষয়, যাক হয়তো আমিও প্ৰত্যক্ষ বা পৰোক্ষভাৱে আওকাণেই কৰি আহিছো।

ছবিখনৰ আলোকশিল্পৰ কাম প্ৰশংসনীয়। আলোকশিল্পৰ কাম কৰিছে-চিৰঞ্জীত ৰামচিয়াৰীয়ে। স্বপ্নীল শইকীয়াৰ শব্দগ্ৰহণ আৰু আৱহ-সংগীতৰ কাম পৰিস্থিতি সাপেক্ষ। মূখ্য ভূমিকাত অভিনয় কৰা ৱাছফিয়া(মাক)ৰ চৰিত্ৰৰ অভিনয় সহজ। মাথোঁ ছবিখনৰ অন্ত কিছু পৃথক হোৱা হ’লে! এই সংবেদনশীল বিষয়বস্তুৱে দৰ্শক বা সাধাৰণ মানুহক অধিক প্ৰভাৱান্বিত কৰাৰ বা ভবাই তোলাৰ এক থল ৰৈ গ’ল।

(লেখিকাৰ ইমেইল[email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd