মন্ত্ৰী অশোক সিংঘলৰ পৰিয়ালৰ মালিকানাধীন প্ৰটেক গ্ৰুপৰ সুউচ্চ অট্টালিকাৰ নিৰ্মাণ অবৈধ: আপ

গুৱাহাটীৰ অনিল নগৰ অঞ্চলত ৰাজ্যৰ মন্ত্ৰী অশোক সিংঘলৰ পৰিয়ালৰ সদস্যৰ মালিকানাধীন প্ৰটেক গ্ৰুপে ২২ মহলীয়া অট্টালিকা অবৈধভাৱে নিৰ্মাণ কৰা সন্দৰ্ভত আম আদমি পাৰ্টিৰ অসম শাখাই অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰিছে।

নিৰ্মাণ অনুমতিৰ নিয়ম স্পষ্টভাৱে উলংঘা কৰি অঞ্চলটোৰ বৃহত্তৰ জনস্বাৰ্থক বিপন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছে আপে।

স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে অট্টালিকাটোৰ নিৰ্মাণে জিএমডিএ/জিএমচি/এএছডিএমএৰ নিয়ম আৰু উপ-বিধি উলংঘা কৰিছে, আৰু এপ্ৰ’চ ৰোডৰ সংকীৰ্ণতাৰ বাবে অঞ্চলটোত এনে সুউচ্চ অট্টালিকা নিৰ্মাণৰ অনুমতি নাই।

লগতে পঢ়ক: আদালত অৱমাননাৰ অপৰাধত অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে নিৰ্মাণ স্থানক এখন সৰু তীখাৰ দলঙৰ জৰিয়তে সংযোজিত কৰা হৈছে, যিটো আগতে নাছিল আৰু প্ৰকৃত ছবিখন ঢাকিবলৈ নিৰ্মাণ অঞ্চলটোক তৰুণ নগৰ হিচাপে দেখুওৱা হৈছে।

আপৰ অভিযোগ মতে, উক্ত প্ৰকল্পটো পূৰ্বে সীমিত মহলাৰ সৈতে এটা বেলেগ বিল্ডাৰে আৰম্ভ কৰিছিল। প্ৰটেক গ্ৰুপৰ প্ৰৱেশৰ পিছত ভেটিৰ ক্ষমতা আওকাণ কৰি বহু মহলা সংযোজন কৰা হৈছে যিয়ে ভূমিকম্পৰ সময়ত দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে।

আপে লগতে অভিযোগ কৰে যে ইতিমধ্যে অঞ্চলটো কৃত্ৰিম বানপানীৰ সমস্যাৰে আক্ৰান্ত আৰু অকৰ্তৃত্বশীল নিৰ্মাণৰ ফলত মহানগৰীত অসুবিধাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: চাণক্য নীতি: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতো তেওঁলোকৰ সহায় নল’ব!

স্মাৰক পত্ৰখনত নিৰ্মাণ কাৰ্য শীঘ্ৰে স্থগিত ৰখাৰ লগতে ভুল কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইয়াৰ পূৰ্বে অশোক সিংঘল জিএমডিএৰ অধ্যক্ষ আৰু বৰ্তমান গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপালৰ হস্তক্ষেপ বিচৰা হৈছে।