বিজেপিৰ পথেই পথ বুলিছে আপে! বিজ্ঞাপনৰ নামত ব্যয় শতকোটি টকা

১০ দিনৰ ভিতৰত প্ৰায় ১৬৪ কোটি টকা পৰিশোধৰ জাননী জাৰি তথ্য আৰু প্ৰচাৰ সঞ্চালকালয়ৰ

AAP

চৰকাৰী আঁচনি তথা কাম-কাজৰ প্ৰচাৰৰ নামত ৰাজভঁৰালৰ ধন ব্যয়েৰে বিৰোধীৰ তুমুল নিন্দাৰ সন্মুখীন হৈ আহিছে কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি। বিজ্ঞাপনৰ নামৰ চৰকাৰী ধনৰ এনে খৰচৰ বাবে শাসকীয় বিজেপি চৰকাৰক বিজ্ঞাপনৰ চৰকাৰ বুলি ইতিকিং কৰি আহিছে বিৰোধীয়ে।

বিজেপিক বিজ্ঞাপনৰ চৰকাৰ অভিধাৰে সমালোচনা কৰাৰ পৰা পিছ পৰি ৰোৱা নাছিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিও। দেশৰ ৰাজনীতিত ক্ৰমাৎ উত্থান ঘটা আপে নিজকে বিজেপিৰ বিকল্প হিচাপে গঢ়ি তোলাৰো জোৰদাৰ প্ৰচেষ্টা চলাইছে।

পিছে এই অনুশীলনৰ সময়তে আপে নিজেও বিজেপিৰ পথকে অনুকৰণ কৰাহে পৰিলক্ষিত হৈছে। দিল্লীত শাসকীয় আপ চৰকাৰেও এতিয়া বিজেপিৰ পথকে পথ বুলিছে। শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি দিল্লীৰ আপ চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে প্ৰায় ১৬৪ কোটি টকা।

এই অভিযোগ উত্থাপনৰ পিছতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিলৈ জাননী জাৰি কৰিছে তথ্য আৰু প্ৰচাৰ সঞ্চালকালয়ে। এই জাননীত সঞ্চালকালয়ে আপক ১০ দিনৰ ভিতৰত সমুদায় ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

এই সময়ৰ ভিতৰত ধন পৰিশোধ নকৰিলে আপৰ কাৰ্যালয় ছীল কৰা হ’ব বুলিও সকীয়াই দিছে সঞ্চালকালয়ে। জাননীখনত কোৱা হৈছে, “ইয়াৰ দ্বাৰা ১৬৩,৬১,৮৮,২৬৫ টকা ঘূৰাই দিয়াৰ চূড়ান্ত সুযোগ দিয়া হৈছে। এই জাননী জাৰি কৰাৰ ১০ দিনৰ ভিতৰত এই ধন পৰিশোধ কৰক, অন্যথা এই বিষয়ত আইন অনুসৰি অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

২০১৭ চনৰ ৩১ মাৰ্চলৈকে বিজ্ঞাপনৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণ ৯৯,৩১,১০,০৫৩ টকা হোৱাৰ বিপৰীতে বাকী ৬৪,৩০,৭৮,২১২ টকা এই ব্যয় কৰা ধনৰ শাস্তিমূলক সুত বুলি জানিব পৰা গৈছে।

এই জাননীৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনা আৰু বিজেপিয়ে আপক প্ৰতিশোধৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই আপে চৰকাৰী বিজ্ঞাপনৰ ৰূপত ৰাজনৈতিক বিজ্ঞাপন চলোৱাৰ অভিযোগ উত্থাপন কৰি দলটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰায় এমাহৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

২০ ডিচেম্বৰত লেফটেনেণ্ট গৱৰ্ণৰ ছাক্সেনাই আপক ৯৭ কোটি টকা আদায় কৰিবলৈ দিয়া আদেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপে এনে আদেশ প্ৰদান কৰাৰ ক্ষমতা তেওঁৰ নাই বুলি দাবী কৰিছিল।

আপৰ মুখ্য মুখপাত্ৰ সৌৰভ ভৰদ্বাজে লেফটেনেণ্ট গৱৰ্ণৰৰ এই নিৰ্দেশক ‘নতুন প্ৰেম পত্ৰ’ বুলি অভিহিত কৰি নিৰ্দশ খাৰিজ কৰিছিল। আপ ক্ৰমাৎ ৰাষ্ট্ৰীয় দল হৈ পৰা তথা দিল্লী নিৰ্বাচনত জয় লাভৰ পিছতে বিজেপি বিচলিত হৈ পৰা বুলি উল্লেখ কৰি আপে লেফটেনেণ্ট গৱৰ্ণৰ ছাক্সেনাই বিজেপিৰ নিৰ্দেশ অনুসৰি কাম কৰি আছে বুলি দাবী কৰিছিল।