• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দলৰ মুৰব্বীলৈ সমৰ্থন: কেজৰিৱালৰ লগতে চিবিআইৰ কাৰ্যালয়লৈ যাব দিল্লী কেবিনেট

কেজৰিৱালক সংগ দিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2023 9:08 am
Kejriwal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত আজি কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআইৰ সন্মুখত হাজিৰ হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। চিবিআইৰ কাৰ্যালয়লৈকে কেজৰিৱালক সংগ দিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। তদুপৰি দিল্লী কেবিনেটৰ সদস্যসকলো কেজৰিৱালৰ লগত চিবিআইৰ কাৰ্যালয়লৈ যাব।

চিবিআইৰ পৰা চমন লাভ কৰাৰ পাছতে কেজৰিৱালে আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত চিবিআইৰ সন্মুখত হাজিৰ হ’ব বুলি স্পষ্ট কৰি দিছিল। তেওঁ লগতে যদি তেওঁ ‘দুৰ্নীতিগ্ৰস্ত’ হয়, তেতিয়া পৃথিৱীৰ কোনো লোক সৎ নহয় বুলি দৃঢ়তাৰে দাবী কৰে।

Apply Now

উল্লেখ্য যে, চিবিআইৰ চমন সন্দৰ্ভত কালি আক্ৰমণাত্মক হৈ পৰিছিৰ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে আদালতত মিছা তথ্য উল্লেখ কৰাৰ অভিযোগ তুলি কেজৰিৱালে লগতে গ্ৰেপ্তাৰ হোৱা লোকসকলক নিৰ্যাতন চলোৱা হৈছে আৰু কোনো ধৰণৰ ভুলৰ প্ৰমাণো নাই বুলি দাবী কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কেজৰিৱালে লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাদ্বয় চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ দৰে সংস্থাৰ দ্বাৰা ৰাজনৈতিক বিৰোধীক লক্ষ্য কৰি লোৱাৰ নিন্দনীয় প্ৰচেষ্টা চলাইছে বুলিও অভিযোগ কৰে।

কেজৰিৱালৰ মতে, কেন্দ্ৰীয় সংস্থাসমূহে ১৪টা ফোন ধ্বংস কৰা বুলি মিছাকৈ দাবী কৰিছে। শপতনামাত আদালতক মিছা কথা কোৱাৰ লগতে ভুৱা স্বীকাৰোক্তি উলিয়াবলৈ সন্দেহযুক্ত লোকক অত্যাচাৰ কৰিছে বুলি তেওঁ দাবী কৰে।

তদুপৰি “কাইলৈ আপোনাৰ ছোৱালীজনীয়ে কেনেকৈ কলেজলৈ যাব চাব” আদিৰ দৰে ভাবুকি ব্যৱহাৰ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে।

তেওঁ লগতে কয় যে, কেইবামাহো ধৰি তদন্ত চলি থকাৰ পাছতো তথা মনিষ চিছ’দিয়াকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতো সংস্থাসমূহে তথাকথিত সুৰা কেলেংকাৰীৰ পৰা জমা হোৱা বুলি দাবী কৰা অনৈতিক ধনৰ এটকাও বিচাৰি পোৱা নাই৷

চিবিআই আৰু ইডিক জবাবদিহি কৰি কেজৰিৱালে লগতে কয়, “যেতিয়া তেওঁলোকে অভিযানত একো প্ৰমাণ নাপালে, তেতিয়া তেওঁলোকে টকাখিনি আমাৰ গোৱা নিৰ্বাচনী প্ৰচাৰত বিনিয়োগ কৰা হৈছে বুলি উল্লেখ কৰিলে। ইয়াৰ প্ৰমাণ ক’ত? আমাৰ সকলো লেনদেন চেকেৰে কৰা হৈছিল। আপোনালোকে দাবী কৰা ১০০ কোটি টকাৰ এটা টকা মোক দেখুৱাওক।”

“যদি মই প্ৰমাণ অবিহনে কওঁ যে মই ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১০০০ কোটি টকা দিলোঁ, তেন্তে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰিবনে?” বুলিও এই প্ৰসঙ্গতে কেজৰিৱালে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহক লক্ষ্য কৰি প্ৰশ্ন উত্থাপন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd