• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধী ঐক্যক লৈ স্থিতি স্পষ্ট কৰিলে আপে; আপৰ কৰ্মীৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত ভূপেন বৰাক প্ৰত্যাহ্বান আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 6:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আম আদমী পাৰ্টিৰ অনুপস্থিতি সন্দৰ্ভত আজি সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰিলে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে । গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, ” লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া জোঁট বন্ধনৰ সমান্তৰাল ভাৱে অসমত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ১৬ টা কৈ বিৰোধী ৰাজনৈতিক দলৰ এক শক্তিশালী মঞ্চ গঠন কৰা হৈছিল।

সুদীৰ্ঘ ৮ মাহ ধৰি বিৰোধী ঐক্যৰ স্বাৰ্থত আমি কথা পাতিছিলোঁ। কিন্তু মঞ্চৰ সভাপতি পদত অধিষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত সংকীৰ্ণ বুজাবুজিৰ ভিত্তিত কংগ্ৰেছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি গগৈক এৰি দি ৰাজ্যৰ আন ১৩ টা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কাৰ্যতঃ তেতিয়াৰ পৰাই বিৰোধী ঐক্য মঞ্চৰ কাম কাজ স্থবিৰ হৈ পৰে। কাৰণ মিত্ৰজোঁটৰ ৰাজনীতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অন্যান্য দলসমূহক বিশ্বাসঘাতকতা কৰে। কংগ্ৰেছে পূৰ্বে আমাৰ সৈতে কৰা আচৰণৰ বাবেই দেওবাৰে অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আমাৰ দলে অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ” আনহাতে, সংবাদমেলত আপ নেতা ড০ মামুন ইমদাদুল হক চৌধুৰীয়ে একাংশ সংবাদ প্ৰতিষ্ঠানৰ উপৰি সামাজিক মাধ্যমত আপৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰা বুলি প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰে।

তেওঁ কয়,” বহুদলীয় গণতন্ত্ৰ চলি থকা এখন ৰাজ্য বা দেশত এটা দলৰ সদস্য আন এটা দললৈ যাব পাৰে। কিন্তু যোৱাকালি আপৰ শতাধিক নেতা কৰ্মী কংগ্ৰেছ দলত যোগদান কৰাৰ কোনো প্ৰমাণ নাই। যদি সচাঁকৈয়ে কংগ্ৰেছত যোগদান কৰিছে তেওঁলোকৰ নাম আৰু আপত থকা সময়ত তেওঁলোকৰ পদবী ৰাজহুৱা কৰিবলৈ ভূপেন বৰাক আহ্বান জনাইছোঁ ।” আপৰ নেতাগৰাকীয়ে অৱশ্যে এটা কথা স্বীকাৰ কৰে যে বিগত লোকসভা নিৰ্বাচনত আপৰ একাংশ কৰ্মীয়ে ইণ্ডিয়া জোঁটৰ অংশীদাৰ হোৱা হেতুকে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। সেই সকলৰ মাজৰ পৰা ৪/৫ জন আপ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে ।

Apply Now

শতাধিক আপ কৰ্মী যোগদানৰ বাতৰি ভিত্তিহীন বুলি প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে । তদুপৰি বিগত দিনত কংগ্ৰেছ দলৰ পৰাও একাংশ নেতা – কৰ্মীয়ে আপত যোগদান কৰাৰ বিষয়ে সদৰি কৰে চৌধুৰীয়ে। সংবাদমেলত দলৰ জ্যেষ্ঠ নেতা ৰুদ্ৰাংকুৰ হাজৰিকা, নাজমা বেগম আৰু মিতালী গগৈয়েও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd