• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া : চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ চিবিআই তদন্তৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 11, 2025 6:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই ।

আজি গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰী গৰাকীয়ে কয়, “ডিমা হাছাও জিলাৰ উমৰাংছুত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনন চলি আছে। উচ্চতম ন্যায়ালয়ে ৰেট হোল কয়লা খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো আদালতৰ নিৰ্দেশ অৱমাননা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ পৰিয়ালক অবৈধ ভাৱে কয়লা খননৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবেই আজি ভয়ানক দুৰ্যোগৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রীৰ ঘনিষ্ঠ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লোচাৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ অবৈধ খনিত শ্ৰমিকসকল মৃত্যুমুখত পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিদিন উকলি যোৱাৰ পিছতো নিৰুদ্দেশ হোৱা শ্ৰমিক সকলক উদ্ধাৰ কৰিব পৰা নাই। মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি আম আদমী পাৰ্টিয়ে এই ঘটনাৰ চিবিআইৰ জৰিয়তে তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। “

Apply Now

 সংবাদমেলত অনুৰূপা ডেকাৰজাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই দেৱলালৰ পত্নী কনিকা হোজাইক চৰকাৰে অবৈধভাৱে ৰেট হোল মাইনিং কৰিবলৈ অনুমতি দিছে। এই সম্পৰ্কৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে কনিকা হোজাইক গ্ৰেপ্তাৰ কৰা নাই।

আপৰ নেত্ৰী গৰাকীৰ দাবী, ” অবিলম্বে এই ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰক। বিজেপিৰ নেতা – নেত্ৰী, অথবা শাসক দলৰ লোকক সকলো ধৰণৰ অবৈধ কাম চলাই যোৱাৰ অনুমতি কোনে দিয়ে তাৰো তদন্ত হোৱা উচিত। আমি আম আদমী পাৰ্টিয়ে উমৰাংছুত নিহত আৰু আহত হোৱা শ্ৰমিক সকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। “

উল্লেখনীয় যে ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলাৰ লিডুত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ৰেট হোল মাইনিঙৰ জৰিয়তে অবৈধ খনন চলাই থকা অৱস্থাত কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যু হৈছিল। লিডু-মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ সৈতে চৰকাৰী পক্ষৰ প্ৰভাৱশালী নেতা – মন্ত্ৰীৰ সম্পৰ্ক থকাৰ বাবেই অবৈধ কয়লা খনন বন্ধ হোৱা নাই। দুৰ্গম খনিত শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হৈছে। তথাপিও চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া ৰহস্যজনক। ” 

সংবাদমেলত এনেদৰে চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ সৈতে  ডিমা হাছাওৰ মুখ্য কাৰ্যবাহীৰ প্ৰত্যক্ষ সম্পৰ্ক আৰু ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হয় আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd