• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 APSC কেলেংকাৰী : বাঘৰ দৰে জপিওৱাৰ পৰিৱৰ্তে মানৱীয়তাকহে ঢাল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে

 APSC কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: জিতুল ডেকা, আম আদমী পাৰ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 3:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰা নাই। APSC ৰ কেলেংকাৰী সন্দৰ্ভত আজি আপৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত এইদৰে মন্তব্য কৰি ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – APSC ত দুৰ্নীতি, কেলেংকাৰীৰে নিযুক্তি লাভ কৰা ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত জেললৈ প্ৰেৰণ কৰিছিল । তাৰ পৰবৰ্তী সময়ত হিমন্তবিশ্ব শৰ্মা চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ  অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বি কে শৰ্মাৰ দ্বাৰা এখন আয়োগ গঠন কৰি দিছিল। 

গুৰুত্বপূৰ্ণ কথা যে এই আয়োগে APSC ৰ পৰীক্ষা ব্যৱস্থা, নথি -পত্ৰ, সাক্ষী, ফৰেনচিকৰ প্ৰতিবেদন, ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰ আদি সকলো দিশৰ পৰা পুংখানুপুংখ ভাবে তদন্ত কৰি প্ৰথম পৰ্যায়ত ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত সংঘটিত দুৰ্নীতি আৰু ৰাকেশ পালক টকা দি চাকৰি লোৱা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰি  ২০২২ চনৰ ২ এপ্ৰিলত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল। 

Apply Now

আশ্চৰ্যজনক বিষয় যে দুৰ্নীতিৰ বিৰুদ্ধে  শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ডেৰ বছৰ উকলি যোৱাৰ পিছতো আজিলৈ দুৰ্নীতিৰে চাকৰি লোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। 

২০১৩ চনৰ APSC পৰীক্ষাৰ এই প্ৰতিবেদন দিয়াৰ পিছত কোৱা হল যে ২০১৪ চনৰ পৰীক্ষাৰ সন্দৰ্ভত আয়োগৰ তদন্তৰ প্ৰতিবেদন লাভ কৰিলে একেলগে ব্যৱস্থা গ্ৰহণ কৰা হব। সন্মানীয় বি কে শৰ্মা আয়োগে যোৱা ২ নৱেম্বৰত দ্বিতীয় প্ৰতিবেদনখনো চৰকাৰক দাখিল কৰিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত  যি বক্তব্য ৰাখিলে ইয়াৰ দ্বাৰা ৰাইজক হতবাক কৰি তুলিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে কলে যে প্ৰতিবেদন খনত কি আছে তেওঁ দেখা নাই। 

ইয়াৰ দ্বাৰা APSC ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ তেওঁৰ কিমান আগ্ৰহ সেই কথা ৰাইজে বুজি পাইছে। সংবাদ মেলত জিতুল ডেকাই কয় যে – মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত কোৱা অনুসৰি  প্ৰতিবেদনৰ পৰামৰ্শ মতে উক্ত বৰ্ষৰ চাকৰি প্ৰাপ্ত সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পৰিয়াল আছে। আয়োগৰ পৰামৰ্শ মতে সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত নকৰে ঠিক আছে কিন্তু যি সকলৰ নাম উল্লেখ আছে তেওঁলোকৰ বিৰুদ্ধে ডেৰ বছৰ উকলি যোৱাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? 

এই প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালক টকা দি চাকৰি লাভ কৰা বিষয়াক চৰকাৰে পদোন্নতি দিছে , NIA ৰ দৰে গুৰুত্ব পূৰ্ণ বিভাগত যোগদান কৰিছে । এই প্ৰতিবেদনত উল্লেখ কৰা APS বিষয়াই ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অথচ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই। মানৱীয়তাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। 

২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰ ৪২ হাজাৰ প্ৰাথী এই কেলেংকাৰী, দুৰ্নীতিৰ বাবে প্ৰতাৰিত হৈছে। মানৱীয়তা  যদি দেখুৱাব লাগে দুৰ্নীতিৰে চাকৰি লোৱা সকলক গ্ৰেপ্তাৰ কৰি ৪২ হাজাৰ প্ৰাৰ্থীৰ প্ৰতি মানৱীয়তা দেখুৱাওক ।  মুখ্যমন্ত্ৰীৰ এই  মানৱীয়তা তেতিয়া কত গৈছিল, যেতিয়া তেওঁৰ নিৰ্দেশত নাৰায়ণ ডেকা আৰু মন্ত্ৰী অশোক সিংহলে শিলসাঁকোৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছিল। 

মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়াল থকাৰ বাবে APSC ৰ দুৰ্নীতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে । আপ, অসমে তেওঁক প্ৰশ্ন কৰিব বিচাৰিছে যে পৰিয়াল থকাৰ কাৰণেই আজিলৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা চলা চাকৰি কেলেংকাৰী, ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত অভিমুন্য দাসক গ্ৰেপ্তাৰ কৰা নাই নেকি? পৰিয়াল থকাৰ বাবেই ভুৱা কল চেণ্টাৰৰ কেলেংকাৰীত অভিযুক্ত তচদিকুৰ নামৰ ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰা নাই নেকি? আচৰিত কথা যে একেই বিজেপিৰ চৰকাৰ। একেই APSC ৰ দুৰ্নীতি। 

পূৰ্বৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ৩৯ জন গ্ৰেপ্তাৰ হৈ বছৰ বছৰ জেল খালে, চাকৰিৰ পৰা বৰ্খাস্ত হল । অথচ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৩৪ জনৰ নাম সন্মানীয় বি কে শৰ্মা আয়োগে প্ৰতিবেদন দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰাৰ সাহস কৰিব পৰা নাই। মুঠৰ ওপৰত  APSC কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নমনীয় স্থিতি অসমৰ ৰাইজে বাৰুকৈয়ে প্ৰত্যক্ষ কৰিছে আৰু দুৰ্নীতিক লৈ মুখ্যমন্ত্ৰীৰ দুতলীয়া স্থিতি লাজ লগাকৈ প্ৰকট হৈছে । 

আপ অসমে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও চৰকাৰক দাবী জনায়। আজিৰ সংবাদমেলত সাংগঠনিক সম্পাদক আলালউদ্দিন আহমেদ আৰু সদস্য আমিৰ হুছেইন উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd