সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

AAP Delhi liquor scam

দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে সুৰা কেলেংকাৰিৰ পৰা আহৰণ কৰিছিল বৃহৎ পৰিমাণৰ ধন আৰু এই ধন দলটোৱে গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল! আজি এই বিস্ফোৰণ ঘটাইছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। গোচৰটোত দাখিল কৰা চাৰ্জশ্বীটত ইডিয়ে এতিয়ালৈকে তদন্তত এই তথ্য প্ৰায় নিশ্চিত হৈছে বুলি উল্লেখ কৰিছে।

ইডিৰ তথ্য অনুসৰি গোৱা নিৰ্বাচনত জড়িত আপৰ স্বেচ্ছাসেৱকসকলক প্ৰায় ৭০ লাখ টকাৰ নগদ ধন পৰিশোধ কৰা হৈছিল। তদন্তকাৰী সংস্থাটোৱে লগতে উল্লেখ কৰা মতে আপৰ যোগাযোগ বিভাগৰ দায়িত্বত থকা বিজয় নাইৰে প্ৰচাৰ সম্পৰ্কীয় কামৰ সৈতে জড়িত স্বেচ্ছাসেৱকসকলক নগদ ধন গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল।

তদুপৰি আপৰ হৈ বিজয় নায়াৰে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টিৰ সাংসদ মগুন্ত শ্ৰীনিবাসুলু ৰেড্ডী, তেওঁৰ পুত্ৰ ৰাঘৱ মগুন্টা, ঔৰবিন্দো ফাৰ্মাৰ পৰিচালক পি সাৰথ চন্দ্ৰ ৰেড্ডী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কবিতা কালভাকুন্তলাক লৈ গঠিত এটা গোটৰ পৰা ১০০ কোটি টকা লাভ কৰিছিল বুলিও ইডিয়ে দাবী কৰিছে।

হায়দৰাবাদৰ ব্যৱসায়ী অভিষেক বয়নপালিয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ সহায়ক দীনেশ অৰোৰাৰ সৈতে পৰিকল্পনা কৰি উক্ত ধন হস্তান্তৰত সুবিধা কৰি দিছিল বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চাৰ্জশ্বীটত প্ৰকাশ কৰিছে।

এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰে। অভিযোগনামাত আম আদমী পাৰ্টিৰ বিজয় নাইৰ, ব্যৱসায়ী সাৰথ ৰেড্ডী, বিনয় বাবু, অভিষেক বয়নপল্লী আৰু অমিত অৰোৰাৰ নাম উল্লেখ কৰা হৈছে।

লক্ষণীয়ভাৱে গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত হিচাপে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ সন্মুখীন হোৱা মনীষ চিছ’দিয়াৰ নাম অভিযোগনামাত সন্নিবিষ্ট হোৱা নাই। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে বুলি আদালতত উল্লেখ কৰে।

২০২২ চনত অনুষ্ঠিত হোৱা গোৱা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা আপে দুখন আসন লাভ কৰিছিল। এই নিৰ্বাচনী প্ৰচাৰত আপে কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যৱহাৰ কৰা বুলি ইডিয়ে কৰা অভিযোগক অস্বীকাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে আগষ্ট মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩১ টা স্থানত তালাচী চলাইছিল।

চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল। লগতে দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।

তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই।

বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।