• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 7:03 pm
AAP Delhi liquor scam
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে সুৰা কেলেংকাৰিৰ পৰা আহৰণ কৰিছিল বৃহৎ পৰিমাণৰ ধন আৰু এই ধন দলটোৱে গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল! আজি এই বিস্ফোৰণ ঘটাইছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। গোচৰটোত দাখিল কৰা চাৰ্জশ্বীটত ইডিয়ে এতিয়ালৈকে তদন্তত এই তথ্য প্ৰায় নিশ্চিত হৈছে বুলি উল্লেখ কৰিছে।

ইডিৰ তথ্য অনুসৰি গোৱা নিৰ্বাচনত জড়িত আপৰ স্বেচ্ছাসেৱকসকলক প্ৰায় ৭০ লাখ টকাৰ নগদ ধন পৰিশোধ কৰা হৈছিল। তদন্তকাৰী সংস্থাটোৱে লগতে উল্লেখ কৰা মতে আপৰ যোগাযোগ বিভাগৰ দায়িত্বত থকা বিজয় নাইৰে প্ৰচাৰ সম্পৰ্কীয় কামৰ সৈতে জড়িত স্বেচ্ছাসেৱকসকলক নগদ ধন গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল।

Apply Now

তদুপৰি আপৰ হৈ বিজয় নায়াৰে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টিৰ সাংসদ মগুন্ত শ্ৰীনিবাসুলু ৰেড্ডী, তেওঁৰ পুত্ৰ ৰাঘৱ মগুন্টা, ঔৰবিন্দো ফাৰ্মাৰ পৰিচালক পি সাৰথ চন্দ্ৰ ৰেড্ডী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কবিতা কালভাকুন্তলাক লৈ গঠিত এটা গোটৰ পৰা ১০০ কোটি টকা লাভ কৰিছিল বুলিও ইডিয়ে দাবী কৰিছে।

হায়দৰাবাদৰ ব্যৱসায়ী অভিষেক বয়নপালিয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ সহায়ক দীনেশ অৰোৰাৰ সৈতে পৰিকল্পনা কৰি উক্ত ধন হস্তান্তৰত সুবিধা কৰি দিছিল বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চাৰ্জশ্বীটত প্ৰকাশ কৰিছে।

এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰে। অভিযোগনামাত আম আদমী পাৰ্টিৰ বিজয় নাইৰ, ব্যৱসায়ী সাৰথ ৰেড্ডী, বিনয় বাবু, অভিষেক বয়নপল্লী আৰু অমিত অৰোৰাৰ নাম উল্লেখ কৰা হৈছে।

লক্ষণীয়ভাৱে গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত হিচাপে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ সন্মুখীন হোৱা মনীষ চিছ’দিয়াৰ নাম অভিযোগনামাত সন্নিবিষ্ট হোৱা নাই। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে বুলি আদালতত উল্লেখ কৰে।

২০২২ চনত অনুষ্ঠিত হোৱা গোৱা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা আপে দুখন আসন লাভ কৰিছিল। এই নিৰ্বাচনী প্ৰচাৰত আপে কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যৱহাৰ কৰা বুলি ইডিয়ে কৰা অভিযোগক অস্বীকাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে আগষ্ট মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩১ টা স্থানত তালাচী চলাইছিল।

চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল। লগতে দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।

তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই।

বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd