NORTHEAST NOW (Assamese)

বিজেপিক পৰাভূতৰ লক্ষ্যঃ বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ

March 15, 2024 2:44 pm · এন ই নাও নিউজ, গুৱাহাটী

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে বিৰোধী মিত্ৰজোঁটৰ মাজত বৃদ্ধি পাইছে সংঘাট। ৰাজ্যত আসন বুজাবুজিৰ ক্ষেত্ৰত এতিয়াও ঐক্যমতত উপনীত হোৱা নাই বিৰোধী মিত্ৰজোঁট।

তাৰ মাজতে আজি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আম আদমি পাৰ্টিয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

কিন্তু আজি আপে বিজেপিক পৰাভূতৰ লক্ষ্যৰে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা আসনৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ডিব্ৰুগড় আৰু শোণিতপুৰ সমষ্টিত অধিক গুৰুত্ব আৰোপ কৰিছে দলটোৱে।

এক বিবৃতি যোগে আপে গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা নকৰে যদিও ডিব্ৰুগড় আৰু শোণিতপুৰ সমষ্টিৰ নিৰ্বাচনী দৌৰত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে। লক্ষণীয়ভাৱে মিত্ৰজোঁটে ইতিমধ্যেই ডিব্ৰুগড় আসনৰ বাবে এজেপি নেতা লুৰিণজ্যোতি গগৈক মনোনীত কৰিছিল।

গতিকে আপৰ সিদ্ধান্তই এতিয়াও বিৰোধী মিত্ৰজোঁটৰ মাজৰ সংঘাট অব্যাহত ৰাখিছে। ইফালে আপে এনে সমস্যাৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰিছে। কংগ্ৰেছৰ আচৰণ মিত্ৰতাৰ ৰাজনীতিৰ বাবে এক মোক্ষম আঘাত বুলি অভিহিত কৰিছে আপে।

আপে লগতে কংগ্ৰেছ নেতৃত্বক ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি গণতান্ত্ৰিক শিবিৰক বিজয়ী কৰাৰ স্বাৰ্থত কংগ্ৰেছে এই আহ্বান গ্ৰহণ কৰিব লাগে বুলি আপে কয়।

Related News