• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকট বঞ্চিত হোৱাৰ ক্ষোভ! বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ কংগ্ৰেছৰ পৰা পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2024 3:01 pm
বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক।

বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা লোকসভা সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছ সাংসদ আৰু পূৰ্বৰ জনিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক তথা আব্দুল খালেকে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পত্ৰ লিখি তেওঁ এই পদত্যাগৰ কথা অৱগত কৰিছে।

কংগ্ৰেছ সভাপতিলৈ লিখা পত্ৰখনত খালেকে লিখিছে, “আটাইতকৈ পুৰণি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য হিচাপে যোৱা পঁচিশ বছৰ মোৰ বাবে ই এক বৃহৎ যাত্ৰা আৰু শিক্ষা। সংবাদ মাধ্যমত থকা সময়ছোৱাত দলটোৰ মতাদৰ্শৰ বাবেই মই দলটোৰ প্ৰতি আকৰ্ষিত হৈছিলো। গান্ধী জী, নেহৰু জী, মৌলানা আজাদ জী আদি স্বাধীনতা সংগ্ৰামৰ আগশাৰীৰ ব্যক্তিত্ব, যাৰ শূন্যৰ পৰা দেশ গঢ়াৰ বাবে অক্লান্ত আৰু নিস্বাৰ্থ ত্যাগে মোক আলোড়িত কৰি তুলিছিল। ই এক গভীৰ ইতিহাস আৰু ঐতিহ্যসম্পন্ন দল, সংগ্ৰাম আৰু মৰ্যাদাৰ দল যাক মই গভীৰভাৱে সন্মান কৰো আৰু আকৰ্ষিত হওঁ।‘’

Apply Now

সাংসদগৰাকীয়ে লিখিছে, “নেতৃত্বৰ ইচ্ছা অনুসৰি বিভিন্ন পদবীত মই সংগঠনটোৰ সেৱা আগবঢ়াইছো। নেতাসকলে মোক অসমৰ ভিতৰত দায়িত্বৰ লগতে আন ৰাজ্যৰ দায়িত্ব দি মোৰ ওপৰত বিশ্বাস ৰাখিছিল। নিৰ্ধাৰিত কৰ্তব্যবোৰ সম্পূৰ্ণ অন্তৰেৰে পালন কৰিলোঁ। দুবাৰ বিধানসভাৰ সদস্য আৰু এবাৰ লোকসভাৰ সদস্য হিচাপে ৰাইজৰ সেৱা কৰাৰ সুযোগ পাইছিলোঁ। যাৰ মূল্যবোধ আৰু আদৰ্শই আমাৰ সুন্দৰ জাতিটোৰ প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰি আহিছে সেই কংগ্ৰেছ দলক সেৱা আগবঢ়োৱাটো মোৰ বাবে এক গৌৰৱৰ বিষয় হৈ আহিছে। মোৰ সমষ্টিৰ ৰাইজ, দল আৰু মোৰ কাষত থিয় দিয়া দলীয় কৰ্মীসকলৰ প্ৰতি অসীম কৃতজ্ঞতা আৰু ভালপোৱা ব্যক্ত কৰিছো।‘’

 

সংসদৰ বাহিৰে ভিতৰে সৰৱ কংগ্ৰেছ সাংসদ আব্দুল খালেকে লগতে লিখিছে,  “ “অৱশ্যে শেহতীয়াকৈ, অসমত দলটোৱে এক অদ্ভুত পথ গ্ৰহণ কৰিছে য’ত জনতাৰ বিষয়বোৰে পিছত স্থান পাইছে। গণতন্ত্ৰ ৰক্ষা কৰিবলৈ মানুহৰ স্বাধীনতা, আত্মসন্মান আৰু অখণ্ডতাৰ গভীৰ উপলব্ধি থাকিব লাগিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত কিছু সময়ৰ ভিতৰত দলৰ ৰাজ্যিক সভাপতি তথা এআইচিচিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকগৰাকীয়ে গ্ৰহণ কৰা মনোভাৱ আৰু পন্থাই অসমত দলৰ সম্ভাৱনা নষ্ট কৰি পেলাইছে বুলি মই অনুভৱ কৰোঁ। এনে পৰিস্থিতিৰ প্ৰতি বিবেচনা কৰি মই দলৰ পৰা ওলাই অহাটো উচিত বুলি অনুভৱ কৰিছো। ‘’

শেষত সাংসদগৰাকীয়ে লিখিছে, “সেয়ে, মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলো। মই ছোনিয়াজীক তেওঁৰ নেতৃত্ব আৰু নিৰৱিচ্ছিন্ন সমৰ্থনৰ বাবে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd