কেজৰিৱালৰ মুক্তিৰ দাবীৰে আপ কৰ্মীৰ প্ৰতিবাদত ৰণক্ষেত্ৰত পৰিণত দিল্লী, আটক পঞ্জাৱৰ মন্ত্ৰী

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনাইছিল। প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীও সাজু আছিল। আপৰ নেতৃত্বই এই কাৰ্যসূচী আৰম্ভ কৰাৰ মুহূৰ্ততে দিল্লীৰ পেটেল চ’ক মেট্ৰ’ ষ্টেচন যুদ্ধক্ষেত্ৰত পৰিণত হয়। আৰক্ষীয়ে আটক কৰিবলৈ আৰম্ভ কৰে প্ৰতিবাদকাৰীক। পঞ্জাৱৰ মন্ত্ৰী তথা আপ নেতা হৰজোৎ সিং বেইনক দিল্লী আৰক্ষীয়ে আটক কৰে।

প্ৰতিবাদ বন্ধ কৰিবলৈ আজি পুৱাৰ পৰা সাজু হৈ আছিল দিল্লী আৰক্ষী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আৰক্ষীয়ে একাধিক স্তৰত নিৰাপত্তা ব্যৱস্থা গঢ়ি  তুলিছিল। সমগ্ৰ চৌহদত ১৪৪ ধাৰা আৰোপ কৰাৰ উপৰিও যিকোনো ধৰণৰ সভা তথা শোভাযাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

এই নিৰ্দেশ অমান্য কৰি পেটেল চ’ক মেট্ৰ’ ষ্টেচনৰ সমীপত আপ কৰ্মী সমৰ্থকৰ সমাগম আৰম্ভ হোৱাত আৰক্ষীক সতৰ্ক কৰি দিয়া হয়। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি এই অঞ্চলত ১৪৪ ধাৰা বলবৎ হৈ আছে বুলি আৰক্ষীয়ে মাইক্ৰ’ফোনযোগে ঘোষণা কৰে, “ইয়াত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আপোনালোক ইয়াত গোট নাখাব। এই অঞ্চল খালী কৰিবলৈ আপোনালোকক ৫ মিনিট সময় দিয়া হৈছে।”

লগতে পঢ়কঃ আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

কিন্তু আৰক্ষীৰ নিৰ্দেশক অৱজ্ঞা কৰি অধিক কৰ্মী-সমৰ্থক আহি সেই অঞ্চলত গোট খায়। ইয়াৰ পিছতে প্ৰতিবাদকাৰীক আঁতৰাবলৈ ফিল্ডত নামে ‘অমিত শ্বাহৰ বাহিনী’। আৰম্ভ হ’ল হতাহতি। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ মাজতে পঞ্জাৱৰ মন্ত্ৰী হৰজোৎ সিং বেইন আৰু আপৰ কেইবাজনো কৰ্মী-সমৰ্থক আটক কৰা হয়।

বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আপ নেত্ৰী ৰীনা গুপ্তাই কয় যে আমাৰ স্পষ্ট দাবী অৰবিন্দ কেজৰিৱালক শীঘ্ৰে মুকলি কৰি দিয়া হওক। আমাৰ নেতাজনক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক লৈ আতংকিত হৈ পৰিছে প্ৰধানমন্ত্ৰী। প্ৰচাৰ অভিযানৰ পৰা আঁতৰাই ৰাখিবলৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।”

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক। ২৮ মাৰ্চলৈকে তেওঁক ইডিৰ জিম্মাত দিয়া হৈছে। ইডিৰ দাবী, অৰবিন্দ কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰৰ ‘কিংপিন’।

লগতে পঢ়কঃসময়ৰ আহ্বান! ১৪ বছৰৰ তলৰ শিশুৰ বাবে কঠোৰভাৱে নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া

ইপিনে, জেলত থকাৰ পিছতো নায়কৰ দৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰাকৈয়ে জেলৰ পৰাই চৰকাৰ চলাই আছে। আনহাতে, তেওঁৰ পদত্যাগৰ দাবীত আন্দোলন কৰিছে বিজেপিয়ে। মঙলবাৰে এপিনে আপে কেজৰিৱালৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ আনটো মূৰত বিজেপিয়ে কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিছে।