• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেজৰিৱালৰ মুক্তিৰ দাবীৰে আপ কৰ্মীৰ প্ৰতিবাদত ৰণক্ষেত্ৰত পৰিণত দিল্লী, আটক পঞ্জাৱৰ মন্ত্ৰী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 26, 2024 2:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনাইছিল। প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীও সাজু আছিল। আপৰ নেতৃত্বই এই কাৰ্যসূচী আৰম্ভ কৰাৰ মুহূৰ্ততে দিল্লীৰ পেটেল চ’ক মেট্ৰ’ ষ্টেচন যুদ্ধক্ষেত্ৰত পৰিণত হয়। আৰক্ষীয়ে আটক কৰিবলৈ আৰম্ভ কৰে প্ৰতিবাদকাৰীক। পঞ্জাৱৰ মন্ত্ৰী তথা আপ নেতা হৰজোৎ সিং বেইনক দিল্লী আৰক্ষীয়ে আটক কৰে।

প্ৰতিবাদ বন্ধ কৰিবলৈ আজি পুৱাৰ পৰা সাজু হৈ আছিল দিল্লী আৰক্ষী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আৰক্ষীয়ে একাধিক স্তৰত নিৰাপত্তা ব্যৱস্থা গঢ়ি  তুলিছিল। সমগ্ৰ চৌহদত ১৪৪ ধাৰা আৰোপ কৰাৰ উপৰিও যিকোনো ধৰণৰ সভা তথা শোভাযাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

এই নিৰ্দেশ অমান্য কৰি পেটেল চ’ক মেট্ৰ’ ষ্টেচনৰ সমীপত আপ কৰ্মী সমৰ্থকৰ সমাগম আৰম্ভ হোৱাত আৰক্ষীক সতৰ্ক কৰি দিয়া হয়। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি এই অঞ্চলত ১৪৪ ধাৰা বলবৎ হৈ আছে বুলি আৰক্ষীয়ে মাইক্ৰ’ফোনযোগে ঘোষণা কৰে, “ইয়াত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আপোনালোক ইয়াত গোট নাখাব। এই অঞ্চল খালী কৰিবলৈ আপোনালোকক ৫ মিনিট সময় দিয়া হৈছে।”

Apply Now

লগতে পঢ়কঃ আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

কিন্তু আৰক্ষীৰ নিৰ্দেশক অৱজ্ঞা কৰি অধিক কৰ্মী-সমৰ্থক আহি সেই অঞ্চলত গোট খায়। ইয়াৰ পিছতে প্ৰতিবাদকাৰীক আঁতৰাবলৈ ফিল্ডত নামে ‘অমিত শ্বাহৰ বাহিনী’। আৰম্ভ হ’ল হতাহতি। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ মাজতে পঞ্জাৱৰ মন্ত্ৰী হৰজোৎ সিং বেইন আৰু আপৰ কেইবাজনো কৰ্মী-সমৰ্থক আটক কৰা হয়।

বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আপ নেত্ৰী ৰীনা গুপ্তাই কয় যে আমাৰ স্পষ্ট দাবী অৰবিন্দ কেজৰিৱালক শীঘ্ৰে মুকলি কৰি দিয়া হওক। আমাৰ নেতাজনক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক লৈ আতংকিত হৈ পৰিছে প্ৰধানমন্ত্ৰী। প্ৰচাৰ অভিযানৰ পৰা আঁতৰাই ৰাখিবলৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।”

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক। ২৮ মাৰ্চলৈকে তেওঁক ইডিৰ জিম্মাত দিয়া হৈছে। ইডিৰ দাবী, অৰবিন্দ কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰৰ ‘কিংপিন’।

লগতে পঢ়কঃসময়ৰ আহ্বান! ১৪ বছৰৰ তলৰ শিশুৰ বাবে কঠোৰভাৱে নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া

ইপিনে, জেলত থকাৰ পিছতো নায়কৰ দৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰাকৈয়ে জেলৰ পৰাই চৰকাৰ চলাই আছে। আনহাতে, তেওঁৰ পদত্যাগৰ দাবীত আন্দোলন কৰিছে বিজেপিয়ে। মঙলবাৰে এপিনে আপে কেজৰিৱালৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ আনটো মূৰত বিজেপিয়ে কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd