দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ সহযোগত পঞ্চায়তখনৰ সকলো সদস্যৰ উপস্থিতিত আজি এখন সজাগতা সভা অনুষ্ঠিত হয় ৷
মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এই বিশেষ সভাত জাৰ্মেনীৰ পৰিৱেশ বিষয়ক বোলছবিৰ পৰিচালক চিত্ৰ শিল্পী ৰূথ বেৰী, দেশৰ আগশাৰীৰ বোলছবি পৰিচালক, নতুন দিল্লীৰ আকাংক্ষা সোড সিং আৰু কেৰেলাৰ চিনেমেট্ৰোগ্ৰাফাৰ সঞ্জীৱ কুমাৰ উপস্থিত থাকে।
গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা সভাখনত আৰণ্যকৰ আইন পৰামৰ্শ বিভাগৰ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্য্যই আৰণ্যক আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে গাঁও পঞ্চায়তৰ সদস্যৰ ভূমিকা আৰু কৰণীয় কাৰ্যৰ বিষয়ে সবিস্তাৰে আলোচনা কৰে ৷
বিশেষকৈ বানপানীৰ সময়ত দুৰ্গত বন্যপ্ৰাণীক দুষ্কৃতিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি ভাইটি দলে, আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মা শইকীয়া, উপ সভানেত্ৰী ববী দলেও উপস্থিত থাকে।
বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কাষৰীয় গাঁও পঞ্চায়তৰ সদস্যসকলক বন্যপ্ৰাণী সংৰক্ষণৰ লগতে প্লাষ্টিক বৰ্জন কৰি হস্তশিল্পজাত সামগ্ৰী উৎপাদনত গুৰুত্ব দিবৰ বাবে আহ্বান জনায়।
চোৰাংচিকাৰীৰ হাতৰ পৰা গঁড়ক ৰক্ষা কৰাৰ বাবে বন বিভাগক সহায় কৰাৰ বাবে কাষৰীয় গাঁওবাসীক ধন্যবাদ জনায় আকাংক্ষা সোড সিঙে।
পঞ্চায়তখনৰ সভাপতি ভাইটি দলে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মা দলেই বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণৰ বাবে মৰিধনশিৰি গাঁও পঞ্চায়তে লোৱা বিভিন্ন আঁচনিৰ বিষয়ে সভাত দাঙি ধৰে।