• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আৰণ্যক’ৰ উদ্যোগত বোকাখাতত চোৰাংচিকাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 11, 2019 6:10 pm
12.5k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ সহযোগিতাৰ বাবেই কিছুদিন ধৰি কাজিৰঙাৰ গঁড় হত্যা নিয়ন্ত্ৰিত হৈছে। এই ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে গাওঁৰক্ষী সংগঠনেও কাম কৰা উচিত। আজি বোকাখাতত গাওঁৰক্ষী সংগঠনৰ এক সজাগতা সভাত এই দৰে কয় গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে৷

প্ৰকৃতি সংগঠন ‘আৰণ্যক’ৰ উদ্যোগত আৰু গাওঁৰক্ষী সংগঠনৰ বোকাখাত থানা সমিতিৰ সহযোগত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত চোৰাংচিকাৰ প্ৰতিৰোধ আৰু বন্যপ্ৰাণী সংৰক্ষনৰ এই সজাগতা সভাত কাজিৰঙাৰ কাষৰীয় গাওঁবোৰৰ গাওঁৰক্ষী সংগঠনৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।

আৰণ্যকৰ আইন উপদেষ্টা কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্য্যই উদ্দেশ্য বাখ্যা কৰা সভাত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে গাওঁৰক্ষী সংগঠনৰ সদস্যসকলক গাঁৱৰ পৰিৱেশ উন্নিত কৰাৰ বাবে মদৰ প্ৰচলন নিষিদ্ধ কৰিবৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰি বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তই মদৰ ঘাটি উচ্চেদ কৰাৰ লগতে চোৰাং চিকাৰীৰ তথ্য পালে আৰক্ষীক জনাবৰ বাবে আহ্বান জনায়। গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই বিশ্বত গঁড় প্ৰজাতি, গঁড়ৰ খড়্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় আৰু গঁড় হত্যাৰ তথ্যৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে।

গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই চোৰাংচিকাৰ প্ৰতিহত কৰাৰ বাবে কাম কৰা গাওঁৰক্ষী সংগঠনক ৰ গাওঁ সমিতিক দক্ষতাৰ ভিত্তিত পুৰস্কৃত কৰাৰ বাবে আৰণ্যকক পৰামৰ্শ দিয়ে।

আৰণ্যকৰ বোকাখাত সমিতিৰ সভাপতি মৃদুল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিং, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ গগৈ, অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বাবুলাল মোৰ আৰু গাওঁৰক্ষী সংগঠনৰ সমন্বয়ক আৰিফ আহমেদ আদিয়ে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd