চাহ শ্ৰমিকক দুৰ্গা পূজাৰ ২০ শতাংশ বনাচ প্ৰদানৰ দাবীত টিৰাপত আছাৰ প্ৰতিবাদ

চাহ শ্ৰমিকক ২০ শতাংশ বনাচ প্ৰদান আৰু অন্যান্য সা সুবিধা প্ৰদানৰ দাবীৰে শেহতীয়াকৈ মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

টিৰাপৰ পাহাৰপুৰতস্থিত জুৱেল আলি চাহ বাগিচাৰ মালিকানাধীন চাহ বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক শ্ৰমিকৰ দুৰ্গাপূজাৰ ২০ শতাংশ বনাচৰ লগতে বিভিন্ন সা সুবিধা প্ৰদান নকৰাত বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

যাৰ ফলত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বাগিচাখনৰ শ শ শ্ৰমিক ওলাই আহি চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে টিৰাপ গেটৰ পাহাৰপুৰ গাঁৱলৈ যোৱা পথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দুৰ্গা পূজাৰ প্ৰকমুহূৰ্তত বাগিচাৰ শ্ৰমিকক ২০শতাংশ বনাচ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে আদিবাসী ছাত্ৰ সন্থাই ।

ইয়াৰ উপৰি বাগিচাখনৰ শ্ৰমিকসকলক বহু বছৰ ধৰি শ্ৰমিক সকলে পাবলগীয়া বিভিন্ন সা সুবিধাৰ পৰাও বঞ্চিত কৰি আহিছে বুলি অভিযোগ কৰে শ্ৰমিকসকলে। আছাৰ প্ৰতিবাদী কাৰ্যসূচীত জুৱেল আলি হুচিয়াৰ, মালিক পক্ষ হুচিয়াৰ , ২০ শতাংশ বনাচ প্ৰদান কৰক আদি শ্লোগানেৰে উত্তাল কৰে পাহাপুৰ গাঁৱৰ পথ।

অৱশেষত প্ৰতিবাদস্থলীতে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ বিষয়ববীয়া উপস্থিত হোৱাত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আদিবাসী ছাত্ৰ সন্থাই বাগিচাখনৰ ভূমিহীন শ্ৰমিকসকলক অঞ্চলটোত ছয় বিঘাকৈ ভূমি অতিশীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনায়।

উল্লেখ্য  দীৰ্ঘদিন ধৰি বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিক সকলক প্ৰাপ্য অধিকাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিক সকলে।

বিশেষকৈ চাহ শ্ৰমিক সকলে পাবলগা চিকিৎসা, খাদ্য, শ্ৰমিকৰ গৃহ, প্ৰসূতি মাতৃয়ে পাব লগা বিভিন্ন সা সুবিধা, চাহ শ্ৰমিকৰ ল’ৰা ছোৱালীয়ে পাব লগা শিক্ষা,বিশুদ্ধ খোৱাপানী আদিৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ কৰিছে শ্ৰমিক সকলে।

এইক্ষেত্ৰত চৰকাৰ- প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই শ্ৰমিক সকলে দাবী জনাইছে।