ছাত্ৰ সন্থা-এ বি ভি পিৰ মাজত ভয়ংকৰ মাৰপিট; ছয়জন গুৰুতৰভাৱে আহত

AASU & ABVP

প্ৰতিনিধিত্বমূলক চিত্ৰ

চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পূৰ্বে ৰাজ্যত সংঘটিত হ’বলৈ ধৰিছে কেতবোৰ বিক্ষিপ্ত ঘটনা। নলবাৰীৰ টিহুৰ আছু কাৰ্যালয় আক্ৰমণৰ পাছত এইবাৰ ছাত্ৰ সন্থা আৰু এ বি ভি পিৰ গোৱালপাৰা গোটৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে মঙলবাৰে নিশা প্ৰায় ৭.৩০ মান বজাত গোৱালপাৰাৰ আছু কাৰ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

দুয়োটা গোটৰ মাজত চলি থকা বাক বিতণ্ডাই অৱশেষত মাৰপিটত পৰিণত হয় আৰু ছয়জনকৈ কৰ্মী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত সকল দুয়োটা গোটৰে।

আছুৰ আঘাতপ্ৰাপ্ত সকল হ’ল সুৰজ দাস, শংকু সাহা, প্ৰাণজিৎ নাথ, পল্লৱী নাথ আৰু ৰিপুঞ্জয় কলিতা।

আনহাতে এ বি ভি পিৰ মানৱ সৰকাৰে সংঘৰ্ষটোত বেয়াকৈ আঘাত পায়।

ইফালে এই ঘটনাৰ পাছতে দুয়োটা ছাত্ৰ সংগঠনে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

গোৱালপাৰা নগৰ ছাত্ৰ সন্থাৰ সভাপতি বেদান্ত কাশ্যপে এই সম্পূৰ্ণ ঘটনাটোৰ সূত্ৰপাত এবিভিপিয়ে ঘটোৱা বুলি মন্তব্য কৰে।

‘মানৱ সৰকাৰ, ৰাজীৱ ওৰাং, মনদীপ হাজৰিকা, ৰাজু দেৰ লগতে আন বহুতো এ বি ভি পিৰ সদস্যই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত থকা আছু কাৰ্যালয়ৰ বাহিৰত উপস্থিত হৈ আমাক উদ্দেশ্যি বিভিন্ন আপত্তিজনক তথা সাম্প্ৰদায়িক মন্তব্যৰ  লগতে শিলাবৰ্ষণ কৰে’। নৰ্থ-ইষ্ট নাওক এইদৰে কয় কাশ্যপে।

তেওঁ লগতে কয়, ‘ইয়াৰে অধিকাংশ সুৰামত্ত অৱস্থাত আছিল। যাৰ বাবে আমি আঘাতপ্ৰাপ্ত হ’লো’।

আনহাতে আছুৰ এই অভিযোগ সম্পূৰ্ণ ৰূপে প্ৰত্যাখ্যান কৰিছে এ বি ভি পিয়ে।

এ বি ভি পিৰ ৰাজীৱ ওৰাঙে কয়, ‘বুধবাৰে ৰাজ্যজুৰি হ’ব লগীয়া প্ৰতিবাদ সম্পৰ্কে আমাৰ সদস্য সকলৰ সৈতে গোৱালপাৰ মহাবিদ্যালয়ৰ গেটত আলোচনা কৰি আছিলো’।

‘কিন্তু হঠাৎ ছাত্ৰ সন্থাৰ সদস্যসকলে আমাৰ ওপৰত আক্ৰমণ কৰে। অভিযোগ কৰা ধৰণে আমি আছু কাৰ্যালয় আক্ৰমণ কৰিব যোৱা নাছিলো’। এই ভাষ্য এ বি ভি পিৰ নেতাৰ।

ইফালে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

‘আমি দুয়ো পক্ষৰ পৰা পোৱা অভিযোগৰ ভিত্তিত ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছো’। আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে গোৱালপাৰা মহাবিদ্যালয়ৰ হেমন্ত কলিতা আৰু ধনজ্যোতি মেধি নামৰ শিক্ষক দুজন এ বি ভি পিৰ দায়িত্বত থকা বুলি কিছুদিন পূৰ্বে ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰি দুয়োজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

ইয়াৰ পাছৰ পৰাই দুয়োটা ছাত্ৰ সংগঠনৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটে আৰু এ বি ভি পিৰ কৰ্মীৰ মাজত বিদ্ৰোহৰ ভাৱ জন্মে।