NORTHEAST NOW (Assamese)

মাজুলীৰ কমলাবাৰীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে আছুৰ উদ্যোগত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

May 8, 2019 3:51 pm · মিটু খাটনিয়াৰ
Updated: May 8, 2019 5:04 pm
মাজুলীত আছুৰ উদ্যোগত কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ দৃশ্য।
নদীদ্বীপ মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ বাবদ  “১৭৮ কোটি টকাৰ আঁচনিত বৃহৎ কেলেংকাৰীৰ অভিযোগ তুলি মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু আঁচনি ৰূপায়নকাৰী টি. কে. ইঞ্জিনিয়াৰিং কনষ্ট্রাকশ্যন কোম্পানীৰ বিৰুদ্ধে মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ১৬খন গাঁৱৰ ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ উদ্যোগত কমলাবাৰী চাৰি আঁলিত ১৬খন গাঁৱৰ  লোকে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলীৰ ভকতচাপৰিৰ গৰুখূটি অঞ্চলত টি কে কোম্পানীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে  কৰি থকা কাম সম্পূর্ণ হৈ নুঠাৰ সময়তে বিগত ৩ মে’ত প্ৰায় এক-ডেৰ মিটাৰ জিঅ’ বেগৰ কাম ব্ৰহ্মপুত্ৰই নিমিষতে খহাই নিয়ে।

টি. কে. নামৰ কোম্পানিটোৱে অঞ্চলটোত কৰা আঁচনিৰ কাম ইমানেই নিম্ন মানৰ যে নদীৰ গড়াৰ তলৰপৰা ওপৰলৈ এঢলিয়াকৈ দিব লগা জিঅ’বেগ সমূহত যিমান পৰিমাণত বালি ভৰাব লাগে সেয়া নকৰি নদীৰ গড়াতে মাটি খান্দি জিঅ’বেগত ভৰাইছিল।

তদুপৰি, নদীৰ পানীৰ ভিতৰৰ পৰা জিঅ’বেগ নিদিয়াকৈ ওপৰৰ অংশতে জিঅ’বেগ সমূহ সংস্থাপন কৰিছিল।যাৰ ফলত তলে তলে নদীয়ে খহাই আঁচনিখনক বিকল কৰি তুলে।

আনহাতে, আঁচনি অনুসাৰে জিঅ’বেগৰ স্তৰ সমূহ নিদিয়াৰ লগতে একমাত্ৰ ইয়াৰ সংখ্যা বঢ়াবৰ কাৰনেই ঠিকাদাৰে শ্ৰমিকৰ হতুৱাই উদং জিঅ’বেগ সমূহৰ ওপৰত জিঅ’বেগ সমূহ পেলাই এক মোটা অংকৰ ধন আত্মসাৎ কৰে।

লক্ষ্যনীয়ভাবে প্ৰায় এশ ডেৰশ মিটাৰ খহি যোৱা উক্ত অংশটোতে ৮৫০ টা মান খালী জিঅ’বেগ উদ্ধাৰ হোৱাৰ উপৰিও বহুতো জিঅ’বেগ পানীত উটি যায়।   মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ নামত চলা ব্যাপক দূৰ্নীতিৰ উচিত তদন্তৰ লগতে দোষী বিষয়াসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী তোলে প্ৰতিবাদকাৰীসকলে।

Related News