শিৱসাগৰত মোদীৰ অসম ভ্ৰমণৰ প্ৰতিবাদ

AASU

শিৱসাগৰত মোদী ভ্ৰমণ বিৰোধী প্ৰতিবাদ।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা, অসম যুৱ ছাত্ৰ সন্মিলন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে শিৱসাগৰত পৃথকে পৃথকে ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি শিৱসাগৰত আছু সহ ৩০ জাতীয় সংগঠনৰ কেইবা শতাধিক কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে আৰু জাতি ধ্বংসী বিধেয়ক বাতিলৰ দাবীত নগৰৰ মুক্তিনাথ চাৰিআলীত ক’লা পতাকা প্ৰদৰ্শন কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে। শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অসম ছাত্ৰ যুৱ সন্মিলনেও পুৱা ১০ বজাত সংগঠনটোৰ সাংগঠনিক সম্পাদক জিন্তু মেছৰ নেতৃত্বত ঐতিহাসিক শিৱ দ’লৰ সন্মুখত ক’লা পতাকা উৰুৱাই সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা আঁৰি বিক্ষোভ কৰে।

সন্মিলনৰ সভাপতি জিন্তু মেছে কয় যে অসমৰ ৰাইজৰ খং-ক্ষোভ তথা প্ৰতিবাদক এক প্ৰকাৰে ভৰিৰে মোহাৰি অ-গণতান্ত্ৰিক আৰু অসংবিধানিকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে অসমীয়া জাতিটোক ধ্বংস কৰি দিব বিচাৰিছে। গতিকে আজি নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচীক আমি ক’লা দিৱস হিচাপে পালন কৰিছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি নৰেন্দ্ৰ মেদী নেতৃত্বাধীন বিজেপি চৰকাৰক জনাব বিচাৰিছোঁ যে জাতিদ্ৰোহী বিল বাতিল নকৰালৈকে যিমানে ফে’চিষ্ট কায়দাৰে প্ৰতিবাদী কন্ঠক ৰোধ কৰিব বিচাৰিলেও অসমৰ ৰাইজৰ প্ৰতিবাদ কিন্তু ৰুদ্ধ কৰিব নোৱাৰিব।

ইয়াৰোপৰি কৃষক মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰাৰ লগতে নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।