NRCৰ চুড়ান্ত তালিকা প্ৰকাশৰ এবছৰৰ পাছতে প্ৰতিক্ৰিয়া আছু-এপিডব্লিউৰ

‘ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে’ APW

AASU APW FINAL

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱা আজি এবছৰ পাৰ হ’ল। তাৰ পাছতো বিদেশী বহিস্কৰণ তথা চিনাক্তকৰণ কোনোধৰণৰ প্ৰক্ৰিয়া আজি পৰ্যন্ত নহ’ল।

সেয়েহে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম পাব্লিক ৱৰ্কছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় ‘উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ প্ৰক্ৰিয়া পোনপ্ৰথমবাৰৰ বাবে আগবঢ়াইছিল। কিন্তু অবৈধ বিদেশীৰ মোহত দিল্লী, দিছপুৰত থকা সকলো দলৰ চৰকাৰে ইয়াত বিধি পথালি দিলে। চৰকাৰে খচৰা প্ৰকাশলৈকে সন্তুষ্টি প্ৰকাশ কৰি তাৰ পাছৰ সময়খিনি বাকীখিনি কামত বিধি পথালি দিলে। তেওঁলোকৰ ভোটবেংক ৰক্ষা কৰিবলৈ ‘কা’ খন বলবৎ কৰি অসম চুক্তিক নস্যাৎ কৰিলে।

সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক নাথে কয় ‘NRCত কিছুসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। NRC উন্নীতকৰণ প্ৰক্ৰিয়া চলি থাকোতে কাম-কাজত চৰকাৰে বিধি-পথালি দিছিল। ত্ৰুটি ৰৈ যোৱা বাবে শুদ্ধ ৰূপত NRC প্ৰকাশৰ আহ্বান জনাই আছিলো।‘

‘উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলো যদিও কোভিডসৃষ্ট পৰিৱেশৰ বাবে ন্যায়ালয়ত উঠা নাই। জাতি মাতি ভেটিৰ নাম লৈ গঠিত চৰকাৰখনৰ এয়া অনীহা। চৰকাৰৰ এই সমগ্ৰ বিষয়টো লৈ কোনো মনোযোগ নাই। চৰকাৰৰ অনীহাৰ বাবে খিলঞ্জীয়াৰ নাম বাদ পৰিছে আৰু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে।

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় ‘সকলোৱে ভাবিছিল এয়া জাতীয় দলিল হ’ব, কিন্তু নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে চৰকাৰে অনীহা প্ৰকাশ কৰিছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি কোনো চিন্তা নাই।‘

গগৈৰ মতে ‘NRCক কেৱল ৰাজনৈতিক অচিলা হিচাপেহে ব্যৱহাৰ কৰি আহিছে।‘

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই কয় ‘আমি যি সন্দেহ কৰিছিলো সেয়াই হ’ল। ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে। ৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল আমিয়ে আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকিলো।‘

ইপিনে, NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক NRCৰ এই অৱস্থাৰ বাবে দোষাৰোপ কৰে শৰ্মাই।

তেওঁ কয় ‘হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ’ল। হাজেলাক পঠাই দিলে। CBIত গোচৰ দিলো, একো নকৰিলে। আমি এতিয়া ক’লৈ যাম ? সেয়ে আজি ৰাইজক জনাইছো। লিগেচি ডাটাৰ কিনা–বেচা হৈছে বুলি হাজেলাই নিজে আদালতক জনাইছিল।‘

ইপিনে, বিদেশীৰ নামমুক্ত এখন শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাই শর্মাই লগতে কয় ‘জনিয়া, বাঘবৰ, বকো, বৰপেটা, চমৰীয়া, ধুবুৰী আদিত বহু সন্দেহজনক লোকক OI কৰি দিয়া হ’ল। চমৰীয়াৰ ৬০ হাজাৰ লোকক OI কৰা হৈছিল বুলি অভিযোগ আছিল। সেই অভিযোগৰ ভিত্তিত ৬০ হাজাৰৰ মাজৰ ৩০ হাজাৰ সামৰি কৰা হৈছিল পুনৰীক্ষণ। কিন্তু আশ্চৰ্যজনকভাৱে পুনৰীক্ষণৰ তালিকাত অহা ৩০ হাজাৰৰ OI টেগেই ভুৱা আছিল।‘