সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো আছুৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ আঞ্চলিকে দিনৰ ১ বজাত নগৰৰ এ এছ টি চি তিনি আলিত জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।
আছুৰ শতাধিক কৰ্মীৰ উপস্থিতিত এ এছ টি চি তিনিলিত চৰকাৰ বিৰোধী উত্তাল শ্ল’গানেৰে বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদকাৰীসকলে ‘বিজেপি গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ কাম নাই’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।
শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱজ্যোতি কলিতাই কয় যে ছাত্ৰ সন্থাই কোনো কাৰণতে জাতিদ্ৰোহী এই বিধেয়ক নামানে, এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লৈছে, অসমৰ ভাষা সংস্কৃতি নিশেষ কৰিবলৈ সেই কথা সময় থাকেতেই অসম চৰকাৰে বুজি পোৱা উচিত। অন্যথা সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ আঞ্চিকৰ সম্পাদক দিপাংকৰ শইকীয়াৰ লগতে বহুকেইজন নেতা কৰ্মী উপস্থিত থাকে।