• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ পিতৃ-মাতৃ আছু; অগপৰ নতুন ছাত্ৰ সংগঠন গঠনক লৈ আছুৰ প্ৰতিক্ৰিয়া

পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আগবাঢ়ি যাব লাগে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 1, 2019 10:06 pm
Samujjal kumar Bhattacharyja

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অগপৰ সাধাৰণ পৰিষদৰ বৈঠকত ‘অসম ছাত্ৰ পৰিষদ’ নামৰ নতুন ছাত্ৰ সংগঠন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে নতুন ছাত্ৰ সংগঠনটোৱে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত প্ৰত্যাহবান হিচাপে থিয় দিব বুলি প্ৰশ্নৰ উদয় হৈছে।

অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত খিলঞ্জীয়া মঞ্চ অসমৰ সৈতে ৬ নং দফা ৰূপায়ণ সমিতিৰ বৈঠকৰ অন্তত সাংবাদিকে সোধা এনে প্ৰশ্নৰ উত্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই  আছুক অগপৰ পিতৃ মাতৃৰ সৈতে তুলনা কৰে।

Apply Now

‘‘সমাজত কিছুমান পৰম্পৰা আছে, পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সকলো আগবাঢ়ি যাব লাগে। তেওঁলোকক ছাত্ৰ সন্থাই জন্ম দিছে,’’ ভট্টাচাৰ্য্যই কয়।

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে ঐতিহাসিক অসম আন্দোলনৰ পাছত অসমৰ মানুহৰ মতামত আৰু জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি ছাত্ৰ সন্থাই আঞ্চলিক শক্তি জন্ম দিয়াৰ পৰিবেশ ৰচনা কৰিছিল।

‘‘সেই আঞ্চলিক ৰাজনৈতিক দলেই আজি নতুনকৈ ছাত্ৰ সংগঠন জন্ম দিবলৈ ওলাইছে। গতিকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ দায়িত্ব অসমৰ ৰাইজৰ,’’ অগপক তেওঁলোকৰ পূৰ্বৰ ভেটিৰ কথা সোঁৱৰাই ভট্টাচাৰ্য্যই এইদৰে কয়।

আনহাতে, ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনবোৰৰ হাই কামাণ্ড থকাৰ বিপৰীতে আছুৰ কোনো নিৰ্দিষ্ট হাইকামাণ্ড নাই বুলি ভট্টাচাৰ্য্যই দাবী কৰে।

‘‘ছাত্ৰ সন্থাৰ কোনো হাইকামাণ্ড নাই, আন আন ৰাজনৈতিক দল সংগঠনৰ হাইকামাণ্ড থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ হাই কামাণ্ড হ’ল অসমৰ ৰাইজ, অন্য ছাত্ৰ সংগঠনৰ হাইকামাণ্ড হ’ল ৰাজনৈতিক দলটো,’’ ভট্টাচাৰ্য্যৰ মন্তব্য।

তদুপৰি, আছুৰ সন্মুখত এনেধৰণৰ ছাত্ৰ সংগঠন জন্ম হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই সকলো ৰাজনৈতিক দলৰে ছাত্ৰ সংগঠন থাকে বুলি মত প্ৰকাশ কৰে।

চিপিআই, চিপিআই-এমৰ এছ.এফ.আই, কংগ্ৰেছৰ এন এছ য়ু আই, আৰ.এছ.এছ বিজেপিৰ এবিভিপি ছাত্ৰ সংগঠন থকাৰ দৰে শেহতীয়াকৈ অসম গণ পৰিষদেও ছাত্ৰ সংগঠন খোলাৰ সিদ্ধান্ত লৈছে বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰে।

“অসমৰ ছাত্ৰ সমাজৰ এটা দীঘলীয়া ইতিহাস আছে। লক্ষ্মীনাথ বেজবৰুৱা আদিৰ মহান মনিষী সকলৰ চিন্তাৰে অৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ আদৰ্শেৰে লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল। আজিও অসমৰ ছাত্ৰ সমাজে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি যাবলৈ সংকল্প লৈছে,” ভট্টাচাৰ্য্যই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd