নিৰ্বচনী প্ৰচাৰত দেখা অসমৰ বিত্ত মন্ত্ৰীৰ নৃত্য কোনো অসমীয়া জনগোষ্ঠীৰ নৃত্য নহয় : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

'জুবিনে 'কা' বিৰোধী জনসভাত অংশগ্ৰহণ কৰা বাবে চৰকাৰৰ গা পুৰিছে'

AASU Story

হিমন্ত বিশ্ব শৰ্মা আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

‘‘বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অসমৰ বিত্ত মন্ত্ৰীৰ এটা নৃত্য সঘনে আমি দেখা পাইছিলো। সেই নৃত্য কোনো অসমীয়া জনগোষ্ঠীৰ নৃত্য নহয়,’’ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আজি ৰণশিঙাত সমবেত হোৱা জনসাধাৰণক উদ্দেশ্যি এনেদৰে কয়।

আছুৰ ৰণশিঙা কাৰ্য্যসূচী সম্বন্ধে মত ব্যক্ত কৰি আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে চৰকাৰক ৰণশিঙাক অপমান নকৰিবলৈ সকীয়াই দিয়ে।

‘‘ৰণশিঙা হ’ল অসমৰ থলুৱা বাদ্য যন্ত্ৰৰে অসমীয়া জনসাধাৰণৰ ‘কা’ বাতিল কৰাৰ দাবীৰে এক ব্যতিক্ৰমী প্ৰতিবাদ। গতিকে ৰণশিঙাক অপমান কৰি অসমৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক অপমান নকৰিব,’’ ভট্টাচাৰ্য্যই লগতে কয়।

জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এন আৰ চিৰ প্ৰসংগেৰে সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰি অসমীয়া খিলঞ্জীয়া জনসাধাৰণক তেওঁ অপমান আৰু প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে।

আনহাতে, ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জুবিন গাৰ্গে অংশগ্ৰহণ কৰা বাবে বিজেপিয়ে জুবিনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰসংগতো মত ব্যক্ত কৰি বিজেপিয়ে জুবিনৰ একো ক্ষতি কৰিব নোৱাৰে বুলি ভট্টাচাৰ্য্যই কয়।

‘‘জুবিনে জনসভাত, তেওঁৰ সংগীতানুষ্ঠানত ‘কা’ নামানো বুলি কৈ থকা বাবে চৰকাৰৰ গা পুৰিছে আৰু সেইবাবে এতিয়া জুবিনক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে’’ আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে লগতে কয়।

তদুপৰি, ‘কা’ বিৰোধী আন্দোলনক প্ৰশমিত কৰাৰ বাবে চৰকাৰে বৰ্তমান বিভিন্ন আঁচনি গ্ৰহণ কৰা সন্দৰ্ভত মত ব্যক্ত কৰি ভট্টাচাৰ্য্যই এয়া অসমীয়াৰ প্ৰাপ্য বুলি উল্লেখ কৰি আঁচনিৰ সুবিধা অসমীয়া ৰাইজে লাভ কৰিলেও ‘কা’ মনা নহ’ব বুলি কয়।

স্নাতক শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক কিতাপ কিনাৰ বাবে চৰকাৰে ১০০০ টকাকৈ দিয়াৰ বাবে লোৱা সিদ্ধান্তকো ভট্টাচাৰ্য্যই সমালোচনা কৰি ইমান কৃপন চৰকাৰ দেখা নাই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীক যদিহে কিতাপ কিনিবলৈ পইচা দিবলৈ মন আছে বেছিকৈ দিবলৈ আহ্বান জনায়।