• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

ককৰোচ জনতা পাৰ্টীয়ে শেহতীয়াকৈ অসমৰ চৰকাৰী বিদ্যালয়সমূহত চলোৱা অভিযানৰ আঁৰত ৰাজনৈতিক অভিসন্ধি থকা বুলি অভিযোগ কৰি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যখনৰ পৰিৱেশ অস্থিৰ কৰিব বিচৰা শক্তিসমূহক চিনাক্ত কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 4:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ককৰোচ জনতা পাৰ্টীৰ শেহতীয়া কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু সা-সুবিধাৰ বুজ ল’বলৈ আৰম্ভ কৰা ‘স্কুল ঠিক কৰো’ অভিযানৰ আঁৰত ৰাজনৈতিক অভিসন্ধি আছে বুলি অভিযোগ তুলি দেওবাৰে আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সমগ্ৰ প্ৰক্ৰিয়াটোক অসমৰ পৰিৱেশ অস্থিৰ কৰি ৰখাৰ এক ৰাজনৈতিক কাৰ্যসূচী বুলি অভিহিত কৰিছে।

 

Apply Now

চিজেপিৰ বিদ্যালয় পৰিদৰ্শন কাৰ্যসূচী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমীৰণ ফুকনে কয় যে এনে পদক্ষেপে ৰাজ্যখনত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁ অভিযোগ কৰে যে বহিঃৰাজ্যৰ একাংশ লোকে জেহাদী নেটৱৰ্ক ব্যৱহাৰ কৰি অসমত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি কৰি থকাৰ সময়তে ৰাজ্যখনৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ এক প্ৰয়াস চলিছে নেকি, সেয়া এক ডাঙৰ প্ৰশ্ন। অৱশ্যে, ৰাজনৈতিক উদ্দেশ্য পৰিহাৰ কৰি অসমৰ উন্নয়নমূলক কাম-কাজত জড়িত হ’ব বিচৰা যিকোনো ব্যক্তি বা সংগঠনক আছুৱে আদৰণি জনাব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ফুকনে লগতে কয় যে চিজেপিৰ এই কাৰ্যসূচীসমূহৰ ৰাজনৈতিক স্বৰূপ সম্পৰ্কে ৰাইজ অৱগত। অসমৰ জনসাধাৰণৰ স্বাৰ্থত আছুৱে ধাৰাবাহিকভাৱে কাম কৰি যাব বুলি উল্লেখ কৰি তেওঁ অসমক অস্থিৰ আৰু বিশৃংখল কৰি ৰাখিব বিচৰা শক্তিসমূহক চিনাক্ত কৰিবলৈ সকলোকে আহ্বান জনায়।

 

উল্লেখ্য যে, শেহতীয়াকৈ চিজেপিয়ে অসমত তেওঁলোকৰ ‘স্কুল ঠিক কৰো’ অভিযান আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাৰ নেতৃত্বত এটা দলে ইতিমধ্যে পলাশবাৰী আৰু দিছপুৰ সমষ্টিৰ কেইবাখনো চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষই সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লৈছে। চিজেপিৰ তৰফৰ পৰা জনোৱা অনুসৰি, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্ততো তেওঁলোকৰ এই বিদ্যালয় পৰিদৰ্শন কাৰ্যসূচী অব্যাহত থাকিব।

 

ইয়াৰ পূৰ্বে যোৱা ২৭ ছেপ্টেম্বৰত গুৱাহাটীত চিজেপিয়ে আঞ্চলিক স্বেচ্ছাসেৱকসকলৰ এখন সভাৰ আয়োজন কৰিছিল যদিও ৰাজ্যিক সচিবালয়ৰ সমীপত এই সভা অনুষ্ঠিত কৰাৰ অনুমতি নথকাৰ বাবে অসম আৰক্ষীয়ে সংগঠনটোৰ কেইবাগৰাকীও সদস্যক আটক কৰিছিল। ৰাংকাকে ধৰি চিজেপিৰ প্ৰায় ৩৫ গৰাকী জ্যেষ্ঠ নেতা আৰু সদস্যক আটক কৰি কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ ছাউনীত ৰখা হৈছিল। আটক হোৱাৰ প্ৰতিবাদত সদস্যসকলে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেইদিনা নিশাই আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd