শিৱসাগৰত এ টি ৰোড মেৰামতি, পুনৰ নিৰ্মাণৰ দাবীত আছুৰ পথ অৱৰোধ

AASU demands re-construction of AT Road in Sivasagar

গড়কাপ্তানী বিভাগৰ চৰম হেমাহিৰ বাবে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা শিৱসাগৰৰ অসম ট্ৰাংক ৰোডটোৱে জ্বলাকলা খুৱাইছে শিৱসাগৰবাসীক।

দৰিকাপাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজেদি পাৰ হৈ ভটিয়াপাৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা এ টি ৰোড (অসম ট্ৰাংক ৰোড)টো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে।

শিৱসাগৰ নগৰৰ এই মুখ্যপথটো মেৰামতি আৰু বাস্তৱসন্মত পদ্ধতিৰে পুনৰনিৰ্মাণৰ দাবীত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ষ্টেচন চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ শতাধিক সদস্যই পথটো অৱৰোধ কৰি বিজেপি চৰকাৰ, গড়কাপ্তানী বিভাগ, মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ আঞ্চলিকে পথটো মেৰামতি আৰু পুনৰনিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও শিৱসাগৰ গড়কপ্তানি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

অৱশ্যে আছুৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ৰে পূৰ্বে জ্ঞাত হোৱাত বিভাগে কেইজনমান শ্ৰমিক আনি পথটো মেৰামতি কৰিবলৈ লয়।

ইয়াতে ক্ষুন্ন হৈ আছুৰ সদস্যই  বিভাগটোৰ উচ্চপদস্থ বিষয়াক কিয় ইমান দিনে পথটো মেৰামতি কৰা নাছিল তাৰ জৱাব বিচাৰে আৰু পথটো অতিশীঘ্ৰে বাস্তৱ সন্মত পদ্ধতিৰে পুনৰ নিৰ্মাণৰ বাবে দাবী জনায়।

অন্যথা এইবাৰ গড়কপ্তানী বিভাগৰ শিৱসাগৰৰ কাৰ্যালয়ত তলা ওলমাই দিব বুলি সকীয়াই দিয়ে।