বগীবিল দলঙৰ দুয়োটা মূৰতে ‘চহিদ উদ্যান’ নিৰ্মাণৰ দাবী ছাত্ৰ সন্থাৰ

Handing over- AASU-

ফটো : নৰ্থ-ইষ্ট নাও

বগীবিল দলঙৰ দুয়োটা মূৰতে চহিদ উদ্যান নিৰ্মাণৰ বাবে উত্তৰ-পূব ৰে’লৱে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় অলপতে ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে জিলাখনৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনৰ অন্তত ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা অসম চুক্তিৰ ফলশ্ৰুতিতে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলংখন নিৰ্মাণ হোৱা বুলি পুনৰ দোহাৰে দীপক শৰ্মা আৰু কল্যাণ গগৈৰ নেতৃত্বত স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যোৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে।

আছুই প্ৰদান কৰা স্মাৰকপত্ৰখনত চহিদ উদ্যানৰ নিৰ্মাণৰ উপৰি ৰে’ল যোগাযোগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি বগীবিল দলঙেৰে ধেমাজি-লখিমপুৰ হৈ নিতৌ এখন ৰাজধানী এক্সপ্ৰেছ চলোৱাৰো দাবী উত্থাপন কৰে। ইয়াৰ উপৰি উন্নত চিকিৎসা সেৱা লাভ কৰাৰ স্বাৰ্থত সপ্তাহত অন্ততঃ ধেমাজি-চেন্নাইৰ মাজত এখন হ’লেও ‘ছুপাৰ ফাষ্ট ট্ৰেইন’ চলোৱাৰো ব্যৱস্থা কৰি দিব লাগে বুলি উল্লেখ কৰে।

আনহাতে ধেমাজি আৰু চিলাপথাৰ ৰে’ল ষ্টেশ্যন দুটা উন্নীতকৰণ কৰি যাত্ৰীসকলৰ সুবিধাৰ্থে সকলো প্ৰকাৰৰ সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগে বুলিও জিলা ছাত্ৰ সন্থাই প্ৰদান কৰা স্মাৰকপত্ৰযোগে জনায়।

উল্লেখযোগ্য যে ২৫ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে মুকলি কৰা বগীবিল দলঙে উত্তৰ-দক্ষিণ পাৰৰ লগতে অৰুণাচল প্ৰদেশৰ লগতো যোগাযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। যোগাযোগৰ উপৰি আৰ্থ-সামাজিক ক্ষেত্ৰতো বগীবিল দলঙৰ ভূমিকা উল্লেখণীয় হ’ব বুলি উল্লেখ কৰে প্ৰতিনিধি দলটোৱে।