এন আৰ চিত আকৌ বিধি পথালি, চৰকাৰৰ সদিচ্ছাক লৈ সন্দিহান আছু

NRC-750x375-1

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তি সমুহৰ পৰীক্ষণৰ কাম চলি থকাৰ সময়তে অসম চৰকাৰে বহু বিষয়াৰ ৰদ-বদল কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে এন আৰ চিৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাত চৰকাৰৰ সদিচ্ছাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

শুকুৰবাৰে এক বিবৃতিযোগে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মাত্ৰ কেইটামানমাহহে বাকী থকা অৱস্থাত বিষয়া বদলিৰে এই প্ৰক্ৰিয়াত বিধি পথালি দিয়া বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে, অসম চৰকাৰে শেহতীয়াভাৱে বিভিন্ন জিলাৰ পৰা ১৭ জনকৈ অতিৰিক্ত উপায়ুক্তক বদলি কৰিছে। ইয়াৰ পূৰ্বে কেইবাজনো উপায়ুক্তক চৰকাৰে বদলি কৰিছিল।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত উপায়ুক্তই জিলাখনৰ ন’ডেল বিষয়া হিচাপে দায়িত্বত থাকে। ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্তকে ধৰি বিভিন্ন বিষয়া এন আৰ চি প্ৰক্ৰিয়াত জড়িত হৈ আছে। তেনে সময়ত বহু কেইজন উপায়ুক্ত বা অতিৰিক্ত উপায়ুক্তক বদলি কৰা বিষয়টো নিশ্চয়কৈ চিন্তনীয়।

ইপিনে চৰকাৰে বিষয়া সকলক বদলি কৰাৰ পাছত এই কাৰ্যৰ বিৰোধিতা কৰি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে বিবৃতিটোত কয়, ‘চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নামমুক্ত হোৱাটো বিচৰা নাই। সেয়ে এনেধৰণে বিধিপথালি দি আছে।‘

এন আৰ চিৰ কামত যাতে কোনো ধৰণৰ স্থৱিৰতা অহিব নোৱাৰে তাৰ বাবে এন আৰ চিৰ লগত জড়িত বিষয়া কৰ্মচাৰীক আন কামত নিয়োজিত নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে। সেই কথা সোঁৱৰাই দি আছুৱে কয় যে চৰকাৰে এতিয়া বিষয়াসকলক বদলি কৰি দেখ দেখকৈ এন আৰ চিৰ কামত বিধি পথালি দিছে।

উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ কামত তীক্ষ্ণ নিৰীক্ষণ আৰু কঠোৰ নিৰ্দেশনা দি থকাৰ পাছতো অসম চৰকাৰৰ এনে সিদ্ধান্তই ন্যায়ালয়ক অসন্মান কৰা বুলিও দীপাংক কুমাৰ নাথে মন্তব্য কৰিছে।