• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ নেতাৰ দ্বাৰা ঠিকাদাৰক ‘ধন দাবী’ৰ তদন্ত কৰিবলৈ তদন্ত কমিটী গঠন আছুৰ

ধন দাবী কৰা আছুৰ নেতাক সোধা-পোছাৰ বাবে গোলাঘাট সদৰ থানালৈ তলব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2019 8:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠিকাদাৰক ধন দাবী কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা ম্লান কৰা সংগঠনটোৰ নেতাকেইজনৰ বিৰুদ্ধে তদন্ত কৰিব আছুৱে। এই কথা জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

আনহাতে ঠিকাদাৰজনে ৰুজু কৰা গোচৰত ধন দাবী কৰা নেতাকেইজনক গোলাঘাট সদৰ থানালৈ তলব কৰা বুলি জানিব পৰা গৈছে।

Apply Now

এটা সূত্ৰই জনোৱা মতে, আছুৰ নেতাকেইজন আজি থানাত উপস্থিত হয়।

আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলেই টেলিফোনত এজন ঠিকাদাৰক বৃহৎ পৰিমাণৰ ধন দাবী কৰা অডিঅ’টোসহ বাতৰি প্ৰকাশ পাইছিল নৰ্থ-ইষ্ট নাওত।

অডিঅ’টোত থকা কথা-বাৰ্তাত আছুৰ নেতাকেইজনে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰাৰ বাবে ৫০ হাজাৰ টকা বিচৰাটো স্পষ্ট হয়।

ঠিকাদাৰজন আছিল ফকৰুদ্দিন আলী আহমেদ ফাণ্ডৰ ঠিকাদাৰ চাহানুৰ আহমেদ আৰু তেওঁ নুমলীগড় তেল শোধানাগাৰত ৫ কোটি টকাৰ এটা ঠিকা কাম লোৱা বুলি দুয়ো পক্ষৰ কথা-বাৰ্তাৰ পৰা জানিব পাৰি।

বাৰ্তালাপৰ অডিঅ’টো ইতিমধ্যে ছ’চিয়েল মেডিয়াতো ভাইৰেল হৈ পৰিছে।

ঘটনাটো সন্দৰ্ভত আজি নৰ্থ-ইষ্ট নাওৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক যোগাযোগ কৰাত তেওঁ ঘটনাটোৰ তদন্ত কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰাৰ কথা জনায়।

“তদন্ত কৰিবলৈ দিয়া হৈছে। আমি কথা পাতিব দিছো। কোন কোন আছে, কি কথা কি বতৰা সেই সকলোখিনি চোৱা হ’ব। তদন্ত কমিটী বনাই দিয়া হৈছে, তেওঁলোক তদন্ত কৰিবলৈ যাব।” কমিটীখন অভ্যন্তৰীণভাৱে গঠন কৰা হৈছে বাবে ইয়াৰ সদস্যসকলৰ নাম প্ৰকাশৰ অপাৰগতা প্ৰকাশ কৰি গগৈয়ে কয়।

ঠিকাদাৰ চাহানুৰে গোলাঘাট সদৰ থানাত যোৱা ৪ নৱেম্বৰৰ দিনা মেইলযোগে এজাহাৰ দাখিল কৰিছিল।

তেওঁ এজাহাৰখনত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিকৰ সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে ফোনযোগে ধন দাবী কৰাৰ অভিযোগ তুলিছিল।

এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ১১ নবেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত ১১১২/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

গোলাঘাট আৰক্ষীয়ে জনায় যে তেওঁলোকে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আছে।

আনহাতে, চাহানুৰে গোচৰ ৰুজু কৰাৰ পাছতে তেওঁক কোনো অচিনাক্ত যুৱকে গোচৰটো উঠাই ল’বলৈ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ আনিছে। ১৩ নৱেম্বৰত ১০-১২ জনীয়া অচিনাকি যুৱকৰ এটা দলে দিনৰ ভাগতে তেওঁক আগুচি ধৰি গোচৰটো উঠাই ল’বলৈ ভাবুকি দিছিল, চাহানুৰৰ অভিযোগ।

ইপিনে গোচৰ দিলেও আছুক “ভাল পাওঁ” বুলি মন্তব্য কৰি এই গোচৰ ব্যক্তি বিশেষৰ বিৰুদ্ধেহে, আছুৰ বিৰুদ্ধে নহয় বুলি কয় গোচৰীয়া চাহানুৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd