• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আছুৰ নেতাৰ দ্বাৰা ঠিকাদাৰক ‘ধন দাবী’ৰ তদন্ত কৰিবলৈ তদন্ত কমিটী গঠন আছুৰ

ধন দাবী কৰা আছুৰ নেতাক সোধা-পোছাৰ বাবে গোলাঘাট সদৰ থানালৈ তলব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2019 8:15 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

ঠিকাদাৰক ধন দাবী কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা ম্লান কৰা সংগঠনটোৰ নেতাকেইজনৰ বিৰুদ্ধে তদন্ত কৰিব আছুৱে। এই কথা জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

আনহাতে ঠিকাদাৰজনে ৰুজু কৰা গোচৰত ধন দাবী কৰা নেতাকেইজনক গোলাঘাট সদৰ থানালৈ তলব কৰা বুলি জানিব পৰা গৈছে।

এটা সূত্ৰই জনোৱা মতে, আছুৰ নেতাকেইজন আজি থানাত উপস্থিত হয়।

আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলেই টেলিফোনত এজন ঠিকাদাৰক বৃহৎ পৰিমাণৰ ধন দাবী কৰা অডিঅ’টোসহ বাতৰি প্ৰকাশ পাইছিল নৰ্থ-ইষ্ট নাওত।

অডিঅ’টোত থকা কথা-বাৰ্তাত আছুৰ নেতাকেইজনে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰাৰ বাবে ৫০ হাজাৰ টকা বিচৰাটো স্পষ্ট হয়।

ঠিকাদাৰজন আছিল ফকৰুদ্দিন আলী আহমেদ ফাণ্ডৰ ঠিকাদাৰ চাহানুৰ আহমেদ আৰু তেওঁ নুমলীগড় তেল শোধানাগাৰত ৫ কোটি টকাৰ এটা ঠিকা কাম লোৱা বুলি দুয়ো পক্ষৰ কথা-বাৰ্তাৰ পৰা জানিব পাৰি।

বাৰ্তালাপৰ অডিঅ’টো ইতিমধ্যে ছ’চিয়েল মেডিয়াতো ভাইৰেল হৈ পৰিছে।

ঘটনাটো সন্দৰ্ভত আজি নৰ্থ-ইষ্ট নাওৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক যোগাযোগ কৰাত তেওঁ ঘটনাটোৰ তদন্ত কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰাৰ কথা জনায়।

“তদন্ত কৰিবলৈ দিয়া হৈছে। আমি কথা পাতিব দিছো। কোন কোন আছে, কি কথা কি বতৰা সেই সকলোখিনি চোৱা হ’ব। তদন্ত কমিটী বনাই দিয়া হৈছে, তেওঁলোক তদন্ত কৰিবলৈ যাব।” কমিটীখন অভ্যন্তৰীণভাৱে গঠন কৰা হৈছে বাবে ইয়াৰ সদস্যসকলৰ নাম প্ৰকাশৰ অপাৰগতা প্ৰকাশ কৰি গগৈয়ে কয়।

ঠিকাদাৰ চাহানুৰে গোলাঘাট সদৰ থানাত যোৱা ৪ নৱেম্বৰৰ দিনা মেইলযোগে এজাহাৰ দাখিল কৰিছিল।

তেওঁ এজাহাৰখনত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিকৰ সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে ফোনযোগে ধন দাবী কৰাৰ অভিযোগ তুলিছিল।

এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ১১ নবেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত ১১১২/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

গোলাঘাট আৰক্ষীয়ে জনায় যে তেওঁলোকে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আছে।

আনহাতে, চাহানুৰে গোচৰ ৰুজু কৰাৰ পাছতে তেওঁক কোনো অচিনাক্ত যুৱকে গোচৰটো উঠাই ল’বলৈ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ আনিছে। ১৩ নৱেম্বৰত ১০-১২ জনীয়া অচিনাকি যুৱকৰ এটা দলে দিনৰ ভাগতে তেওঁক আগুচি ধৰি গোচৰটো উঠাই ল’বলৈ ভাবুকি দিছিল, চাহানুৰৰ অভিযোগ।

ইপিনে গোচৰ দিলেও আছুক “ভাল পাওঁ” বুলি মন্তব্য কৰি এই গোচৰ ব্যক্তি বিশেষৰ বিৰুদ্ধেহে, আছুৰ বিৰুদ্ধে নহয় বুলি কয় গোচৰীয়া চাহানুৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd