• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোন টেপিঙকলৈ শংকিত নহওঁ, কা বিৰোধী স্থিতিত অটল থাকিম: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2021 6:22 pm
sam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ফোন টেপিঙকলৈ মই মুঠেও শংকিত হোৱা নাই। যিকোনো পৰিস্থিতিতে কা বিৰোধী স্থিতিৰ পৰা আঁতৰি নাহো’।এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সাংবাদিকে ফোন টেপিং সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্যই কয় যে তেওঁৰ লুকুৱাবলগীয়া একো নাই।

ফোন ইমান দিনে তেওঁ যি কথা পাতিছে সেয়া কোনো লুকুৱাবলগীয়া কথা নহয়। কা বিৰোধী স্থিতিৰ পৰা তেওঁক কোনো কাৰণতে বিচলিত কৰিব পৰা নাযাব বুলিও আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

Apply Now

তেওঁ কয় যে অসমৰ জ্বলন্ত সমস্যা অবৈধ বাংলাদেশীৰ সমস্যা সমাধান হবই লাগিব। এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।উল্লেখ্য

বিশ্বজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰা ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, ৰাজনীতিকৰ নাম সন্নিবিষ্ট হৈছে। পেগাছছৰ ফোন টেপিঙৰ তালিকাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াৰ নামো থকাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

অনুপ চেতিয়াৰ এটা ফোন নম্বৰ ২০১৮ চনৰ শেষৰ পিনে টেপিং কৰা হৈছিল বুলি তথ্য প্ৰকাশ পাইছে।
The Wire-এ চলোৱা বিশ্লেষণত অনুপ চেতিয়া আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন পেগাছাছে টেপ কৰাৰ কথা প্ৰমাণ হৈছে।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা এটা ফোন নম্বৰ টেপ কৰা হৈছিল ।ইতিমধ্যে The Wire-এ বিশ্লেষণ কৰা ৩০০ টা ভাৰতীয় লোকৰ ফোন নম্বৰৰ ভিতৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন নম্বৰটোও আছে।

আছুৰ মুখ্য উপদেষ্টাগৰাকী ফোন নম্বৰটো কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতি গঠন কৰি দিয়াৰ কেইমাহ মান আগৰে পৰা টেপ কৰা হৈছিল বুলি প্ৰমাণ পাইছে The Wire-এ।

উল্লেখ্য ২০১৯ চনৰ ১৬ জুলাইৰ দিনা কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাবে লৈ উক্ত সমিতি খন গঠন কৰা হৈছিল আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উক্ত সমিতিৰ এগৰাকী সদস্য আছিল।
আনহাতে আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনুপ চেতিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল আৰু আইন খন বাতিল নকৰিলে শান্তি আলোচনাৰ পৰা ওলাই আহিব বুলিও হুংকাৰ দিছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd