বিজেপিৰ আয়ৰ উৎস তথা ল’কডাউনত বিধ্বস্ত পৰ্যটন উদ্যোগৰ প্ৰসংগেৰে জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিলে আছুই
১০ জুলাইত নলবাৰীত বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই আছুৰ প্ৰতি কৰা বিৰোধমূলক মন্তব্যৰ আজি প্ৰত্যুত্তৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাই।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই মৰিগাঁৱত আজি সংবাদ মেল সম্বোধন কৰি উভটি ধৰে জয়ন্ত মল্ল বৰুৱাক ।
হিমন্ত বিশ্ব শৰ্মাৰ অনুগামী পৰিচয়টোৰ বাদে কোনো স্বকীয়তা নথকা প্ৰাক্তন কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিজেপি পালিনেতাজনে দলীয় টিকট লাভৰ আকাংক্ষাৰেই আছুৰ প্ৰতি এনে মন্তব্য কৰা বুলি বক্ৰোক্তি কৰে আছু নেতাজনে।
”তেখেতৰ সৈতে একেলগে দল এৰি অহা নেতা এতিয়া মন্ত্ৰী তথা সাংসদ হৈ ঘূৰি আছে, সেয়েহে জয়ন্ত মল্ল বৰুৱা হতাশগ্ৰস্তাত ভোগাটো স্বাভাৱিক,” উৎপল শৰ্মাই কয় ।
আছুৱে চান্দা তোলে বুলি কটাক্ষ কৰা জয়ন্ত মল্ল বৰুৱাক বিজেপিৰ আয়ৰ উৎস কি বুলি প্ৰশ্ন সুধি আছু নেতাজনে কয় যে, বিজেপি ভাৰতবৰ্ষৰ সৰ্বাধিক চান্দা সংগ্ৰহ কৰা দল ।
”আছু ৰাজহুৱা দান-বৰঙণিৰে চলে, বিজেপি নেতা-কৰ্মীয়ে ঘৰৰ মাটি বন্ধকত থৈ, গহনা বেছি, নিজৰ অংগ বিক্ৰী কৰি দলীয় পুঁজি সংগ্ৰহ কৰে নেকি ! বিজেপি দলে ২০১৬-১৭ বৰ্ষত ৫৩২ কোটি, ২০১৭-১৮ বৰ্ষত ৪৩৭ কোটি আৰু ২০১৮-১৯ বৰ্ষত ৮০০কোটিৰো অধিক পুঁজি চান্দাৰ জৰিয়তে সংগ্ৰহ কৰি অভিলেখ গঢ়িছে । এইবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে,” আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য গৰাকীয়ে লগতে কয়।
আনহাতে, আছুৰ সভাপতিয়ে ক’ৰ’নাক নাটক বুলি কোৱাৰ অপপ্ৰচাৰ চলাইছে বিজেপিয়ে । কৰ’নাৰ নামত বিজেপিয়ে আৰু অসম চৰকাৰে কৰি থকা নাটক খনৰ কথাহে আছুই উল্লেখ কৰিছিল বুলি সংবাদমেলত শৰ্মাই উল্লেখ কৰি মন্তব্য ৰাখোতে আছুৰ সভাপতি গৰাকীয়ে মাস্ক পৰিধান কৰি থকাটোৱেই ক’ভিড সম্পৰ্কত যে আছু সচেতন আৰু ৰাইজৰ মাজতো সচেতনতা বৃদ্ধি কৰিছে তাকে সূচায় বুলি তেওঁ কয়।
তদুপৰি, ল’কডাউনৰ সময়ছোৱাত ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে দুৰ্গতসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান, দৰৱ যোগান, ৰাজহুৱা স্থান ছেনিটাইজ কৰা, ছাত্ৰ-ছাত্ৰীক কিতাপ যোগান আৰু বিনামূলীয়াকৈ পঢ়োৱা আদি বিভিন্ন জনকল্যাণমূলক কাম কৰিছে আৰু কৰি আছে । জয়ন্ত মল্ল বৰুৱাৰ বাদে অসমৰ বাকী ৰাইজে দেখিছে । আমিহে বৰঞ্চ জয়ন্ত মল্ল বৰুৱাক ৰাইজৰ কাষত নেদেখি ফিল্মফেয়াৰ পাতি মুম্বাইৰ কোনো পৰিচালকৰ লগত চুক্তিবদ্ধ হৈ অসম এৰিলে বুলি ভাবিছিলো বুলিও উৎপল শৰ্মাই কটাক্ষ কৰে ।
আছুৰ বৌদ্ধিক স্তৰক লৈ প্ৰশ্ন তোলা সন্দৰ্ভতো শ্লেষমিশ্ৰিত উত্তৰ দিয়ে আছুৱে । আছু নেতা উৎপল শৰ্মাই কয় যে, মানুহৰ বৌদ্ধিক স্তৰৰ সঠিক মূল্যায়ন কৰিব পাৰে তেওঁৰ শিক্ষাগুৰু, সহকৰ্মী অথবা সহপাঠীয়ে । আমি জয়ন্ত মল্ল ডাঙৰীয়াক ব্যক্তিগত ভাৱে নাজানো । কিন্তু তেখেতৰ একালৰ সহপাঠী তথা অসমৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গে জয়ন্ত মল্ল বৰুৱাৰ বৌদ্ধিক স্তৰ ইতিমধ্যেই জন্তুৰ লগত ৰিজাই থোৱা সংবাদ মাধ্যমত দেখিবলৈ পাইছিলো । তাৰ পিছত আমি কিবা ক’বলগীয়া আছে বুলি ভবাই নায় ।
অসমৰ পৰ্যটন উদ্যোগৰ দায়িত্বত থাকি জয়ন্ত মল্লই ল’কডাউনে বিপৰ্যয় কঢ়িয়াই অনা উদ্যোগটোৰ উদ্ধাৰৰ কাৰণে, জীপ চাফাৰি, হোটেল ব্যৱসায় আদিৰ সৈতে জড়িত লোকসকলক সকাহ দিয়াৰ কাৰণে কি ব্যৱস্থা হাতত লৈছে সেইয়া ৰাজহুৱা কৰিবলৈহে তেখেতক প্ৰত্যাহ্বান জনায় আছুৱে ।
সংবাদমেলখনত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথো উপস্থিত থাকে ।