NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী সোণোৱাল আৰু মুমিনুল আৱালে আছুত থাকোতে ছোনিয়া গান্ধীৰ ওচৰত আঁঠু লৈ আহিছিল নেকি? উত্তৰ বিচাৰিলে লুৰিণে

September 12, 2019 9:20 pm · কল্পজ্যোতি শইকীয়া
Updated: September 12, 2019 9:24 pm
আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। ফাইল ফটো

‘’ছাত্ৰ সন্থাই ৰাহুল গান্ধীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ল’বলৈ অনুৰোধ জনোৱাটো সাংঘাতিক অপৰাধ হ’ল বুলি মুখ্য মন্ত্ৰী আৰু নেতা-পালিনেতাই কৈ থাকে। মুখ্য মন্ত্ৰী ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে মুমিনুল আৱাল নামৰ প্ৰাক্তন ছাত্ৰ নেতাজনৰ সৈতে এটা দল লৈ যেতিয়া ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল তেতিয়া আঁঠু লৈ আহিছিল নেকি?’’- কালি মুমিনুল আৱালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাক কটাক্ষ কৰাৰ পাছতে মুখ্য মন্ত্ৰী আৰু আৱালৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে লুৰিণ জ্যোতি গগৈয়ে।

ইপিনে, আছুৱে তৰুণ গগৈৰ লগত বহি এন আৰচিত কি কি নথি গ্ৰহণ কৰা হব সেই সিদ্ধান্ত লৈছিল বুলি কালি আৱালে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি লুৰিণে কয়, ‘’তেওঁলোকৰ স্মৃতি বিভ্ৰাট হৈছে বা তেওঁলোকৰ বয়সৰ বাবে স্মৃতি অৱক্ষয় হৈছে। ছাত্ৰ সন্থা, অন্যান্য জাতীয় সংগঠন, ৰাজনৈতিক দলৰ লগত আলোচনা কৰিহে কেইবিধ নথি গ্ৰহণযোগ্য হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মানুহৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমুৰ্তি ম্লান কৰাৰ বাবে এই ব্যক্তিসকল ষড়যন্ত্ৰত লিপ্ত হৈছে।‘’

‘’অসমৰ ৰাইজ ছাত্ৰ সন্থাৰ অভিভাৱক। কোনো ৰাজনৈতিক নেতাৰ অভিভাৱকত্বত ছাত্ৰ সন্থা নচলে। অবৈধ হিন্দু বাংলাদেশীৰ চৰণত আঁঠু লৈ বিজেপিয়ে কেৱল ভোট বেংকৰ স্বাৰ্থত জাতীয় জীৱনত কেৱল পৰাজিত সৈনিকেই নহয়, তেওঁলোকে হিন্দু বাংলাদেশীৰ ওচৰত আত্ম সমৰ্পন কৰা কথাটোৱে জাতীয় জীৱনলৈ অমানিশা কঢ়িয়াই আনিব,’’- মুমিনুল আৱালৰ মন্তব্যৰ প্ৰত্যুত্তৰত লুৰিণে এইদৰে কয়।

লুৰিণে মুমিনুল আৱালক কটাক্ষ কৰি কয়, ‘’বিজেপিৰ মুখপাত্ৰৰ পৰা খেদা খোৱা মুমিনুল আৱাল ছাত্ৰ সন্থাত থকাৰ সময়ত আমছুৰ সৈতে সনা পিটিকা চলি আছিল বুলি সন্দেহ হয়। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যোৱা কোনো ৰাজনৈতিক নেতাই এনেধৰণৰ ধৰ্মান্ধ বক্তব্য ৰাখিব নোৱাৰে।‘’

লুৰিণৰ মতে ‘’কংগ্ৰেছ আৰু বিজেপিৰ চৰিত্ৰগত পাৰ্থক্য নাই। কংগ্ৰেছে মুছলমান বিদেশীৰ ৰক্ষক আৰু বিজেপি হিন্দু বিদেশীৰ ৰক্ষক।‘’

ইপিনে, বিজেপি দলটোক এআইয়ুডিএফৰ সৈতে তুলনা কৰি লুৰিণে কয়, ‘’বিজেপি দলটোক এআইয়ুডিএফৰ লগত তুলনা কৰাৰ পৰিৱেশৰ সৃষ্টি হ’ব। কাৰণ এআইয়ুডিএফ মুছলমান বিদেশীৰ প্ৰবক্তাৰ ভূমিকাত অৱতীৰ্ণ হয়, এতিয়া এআইয়ুডিএফে ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰাৰ লেখীয়া ভাষিক সংখ্যালঘুক লৈ বিজেপিয়ে ৰাজনীতি কৰে।‘’

Related News